NORTHEAST NOW (Assamese)

সন্তানৰ সন্মুখতে পত্নী আৰু শাহুৱেকক হত্যা কৰিলে এজন লোকে

January 12, 2021 5:39 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক চিত্ৰ

এক লোমহৰ্ষক হত্যাকাণ্ডই জোকাৰি গৈছে সমগ্ৰ ত্ৰিপুৰা।

এজন লোকে সন্তানৰ সন্মুখতে নিজ পত্নী আৰু শাহুৱেকক চোকা অস্ত্ৰৰেৰে আঘাত কৰি হত্যা কৰিছে।

দুয়োকে হত্যা কৰি লোকজনে নিজেও বিহ পাণ কৰি আত্মহত্যাৰ চেষ্টা কৰে।

আৰক্ষীয়ে প্ৰকাশ কৰা ঘটনাৰ খবৰ অনুসৰি সোমবাৰে ত্ৰিপুৰাৰ ধালাই জিলাত সংঘটিত হৈছে এই লোমহৰ্ষক ঘটনাটো।

“আমি অভিযুক্তক গ্ৰেপ্তাৰ কৰি স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছে। সংকটজনক অৱস্থাত অভিযুক্তক উদ্ধাৰ কৰা হৈছিল যদিও তেওঁ এতিয়া সংকটমুক্ত। আক্ৰমণৰ আঁৰত কি কাৰণ আছে সেয়া জানিব পৰা নাই। তেওঁক জেৰা চলোৱাৰ অন্ততহে জানিব পৰা হ’ব।” উপ সংমণ্ডল আৰক্ষী বিষয়া আশীষ দাসগুপ্তই কয়।

ইফালে অভিযুক্তক আগৰতলা জিবিপি হাস্পতালত চিকিৎসাৰ বাবে ভৰ্তি কৰোৱাইছে আৰক্ষীয়ে।

আনহাতে লোকজনৰ সন্তানটোক ধলাই শিশু কল্যাণ কেন্দ্ৰক অৰ্পণ কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

Related News