NORTHEAST NOW (Assamese)

ত্ৰিপুৰাত ক’ৰ’নাত আক্ৰান্তৰ সংখ্যা ৫২০জনলৈ বৃদ্ধি; নতুনকৈ ৪৯জনক চিনাক্ত

June 3, 2020 6:48 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

ত্ৰিপুৰাত ক’ৰ’নাত আক্ৰান্ত লোকৰ সংখ্য ৫২০জনলৈ বৃদ্ধি পাইছে। কিছু সময় পূৰ্বে ৰাজ্যখনত নতুনকৈ ৪৯টা কোভিড-১৯ পজিটিভ কেচ ধৰা পৰে।

ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী বিপ্লৱ কুমাৰ দেবে এই কথা সদৰী কৰি কয় যে বুধবাৰে ৮২১জন লোকৰ নমুনা সংগ্ৰহ কৰা হয় আৰু ইয়াৰে ৪৯জনক পজিটিভ পোৱা যায়।

আক্ৰান্ত বেছিভাগৰে ট্ৰেভেল হিষ্ট্ৰী আছে বুলি তেওঁ লগতে জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে মঙলবাৰে নিশা ৰাজ্যখনত ২৫ গৰাকী ক’ৰ’না আক্ৰান্তক চিনাক্ত কৰা হৈছিল।

বুধবাৰৰ লৈকে ভাৰতত কোভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা ২,০৭,৬১৫জনলৈ বৃদ্ধি পাইছে। ইয়াৰে ১,০১,৪৯৭জন ৰোগী বৰ্তমান চিকিৎসাধীন হৈ আছে।

আনহাতে ১,০০,৩০৩ লোক সুস্থ হৈ উঠাৰ বিপৰীতে ৫,৮১৫ গৰাকী ক’ৰ’নাত আক্ৰান্ত লোকে এই পৰ্যন্ত মৃত্যুক সাবটি লৈছে, কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যায়লে আজি এই কথা প্ৰকাশ কৰে।

Related News