NORTHEAST NOW (Assamese)

ত্ৰিপুৰাৰ প্ৰতিভাৱান যুৱ মহিলা ক্ৰিকেটাৰ আয়ান্তি ৰিয়াঙৰ আত্মহত্যা

June 16, 2020 10:15 pm · তন্ময় চক্ৰৱৰ্তী
আয়ান্তি ৰিয়াং

ক’ৰ’নাৰ সংক্ৰমণৰ মাজতে ত্ৰিপুৰাৰ মহিলা ক্ৰিকেটাৰ আয়ান্তি ৰিয়াঙে আত্মহননৰ পথ বাচি লয়।

ত্ৰিপুৰা ক্ৰিকেট সন্থাৰ সম্পাদক তিমিৰ চান্দে আজি ৰাতিপুৱা আয়ান্তিয়ে আত্মহত্যা কৰা খবৰ লাভ কৰে বুলি জানিবলৈ দিয়ে।

প্ৰতিভাৱান ক্ৰিকেটাৰ আয়ান্তিয়ে তাইনানিত থকা নিজ গৃহতে আত্মহত্যা কৰে।

বিগত দুবছৰ ধৰি আয়ান্তিয়ে ত্ৰিপুৰাৰ ১৯ বছৰ অনুৰ্ধ মহিলা ক্ৰিকেট দলক প্ৰতিনিধিত্ব কৰি আহিছিল।

‘‘প্ৰতিভাৱান ক্ৰিকেটাৰ আয়ান্তিয়ে নিজৰ প্ৰদৰ্শনৰ জৰিয়তে সকলোকে আকৰ্ষিত কৰিবলৈ সক্ষম হৈছিল,’’ তিমিৰ চান্দে শোক ব্যক্ত কৰি কয়।

আয়ান্তিৰ প্ৰশিক্ষক অনুপম দেই আয়ান্তিয়ে ২০১৭ চনৰ পৰাই ত্ৰিপুৰাক প্ৰতিনিধিত্ব কৰি বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আহিছিল বুলিও লগতে কয়।

চলিত বৰ্ষত গুৱাহাটীত অনুষ্ঠিত হোৱা ২৩ বছৰ অনুৰ্ধ টি-২০ প্ৰতিযোগিতাতো আয়ান্তিয়ে ত্ৰিপুৰাৰ হৈ খেলিছিল।

উল্লেখযোগ্য যে, ল’কডাউনৰ সময়ত দেশত আত্মহত্যাৰ ঘটনা ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে।

Related News