NORTHEAST NOW (Assamese)

‘ক্ষমতা হেৰুৱাৰ ভয়ত আমেৰিকাত জৰুৰী অৱস্থা ঘোষণা কৰিব ট্ৰাম্পে!’, জেমছ ক্লাইব’ৰ্ন

August 3, 2020 6:05 pm · এন ই নাও নিউজ
Updated: August 3, 2020 6:12 pm

চলিত বৰ্ষৰ ৩ নৱেম্বৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন।

আগন্তুক আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত দ্বিতীয়বাৰ ৰাষ্ট্ৰপতি হোৱাৰ মানসেৰে প্ৰতিদ্বন্দ্বিতা কৰিব ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে।

ইতিমধ্যে নিৰ্বাচনৰ ৰণডংকা বজাই ক’ৰ’নাতংকৰ মাজতো নিৰ্বাচনী প্ৰচাৰ চলাই আহিছে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে। তাকেলৈ ৰাষ্ট্ৰপতি ট্ৰাম্পক সমালোচনা কৰি আহিছে বিৰোধী ডেম’ক্ৰেট দলৰ লগতে আমেৰিকান নাগৰিকে।

আনহাতে বিভিন্ন সমীক্ষাত প্ৰকাশ পাইছে যে আগন্তুক নিৰ্বাচনত ট্ৰাম্পৰ ৰিপাব্লিকান দল পৰাস্ত হ’ব।

সেয়ে হ’লে দ্বিতীয়বাৰলৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি হোৱাৰ মুদা মৰিব ট্ৰাম্পৰ।

ইফালে গাদী হেৰুৱাৰ ভয়ত ট্ৰাম্পে ত্ৰস্তমান হৈ আছে বুলি বিভিন্ন পক্ষৰ লগতে ডেম’ক্ৰেট দলেও দাবী কৰিছে।

সেয়ে ৰাষ্ট্ৰপতি ট্ৰাম্পে শান্তিপূৰ্ণভাৱে ক্ষমতা হস্তান্তৰ নকৰি আমেৰিকাত ক’ৰ’নাতংকৰ আচিলা লৈ জৰুৰী অৱস্থাৰ ঘোষণা কৰিব পাৰে বুলি বিস্ফোৰক দাবী কৰিছে ডেম’ক্ৰেট দলৰ ৰাজনীতিবিদ জেমছ ক্লাইব’ৰ্নে।

দেওবাৰে সংবাদ সংস্থা চিএনএনৰ এক সাক্ষাৎকাৰত ক্লাইব’ৰ্নে অভিযোগ কৰি আৰু কয়, “নৱেম্বৰত নিৰ্বাচনত পৰাস্ত হ’লে ট্ৰাম্পে শান্তিপূৰ্ণভাৱে ক্ষমতা হস্তান্তৰ নকৰিব। তেওঁৰ হোৱাইট হাউছ এৰাৰ কোনো পৰিকল্পনা নাই। আমি ভাবো তেওঁ দেশত নিৰপেক্ষ নিৰ্বাচন হ’বলৈ নিদিব।”

ইয়াৰ পিছতে ক্লাইব’ৰ্নে বিস্ফোৰক মন্তব্য কৰে, “আমাৰ ধাৰণা হয়, ৰাষ্ট্ৰপতি পদটো খামোচি ধৰি থাকিবলৈ ট্ৰাম্পে যিকোনো প্ৰকাৰে দেশত জৰুৰী আৱস্থাৰ ঘোষণা কৰিব পাৰে। তেওঁৰ এই অভিপ্ৰায় যাতে সফল নহয় তাৰবাবে আমেৰিকাৰ নাগৰিকসকল জাগি উঠা প্ৰয়োজন।”

উল্লেখ্য যে আমেৰিকাত ক’ৰ’নাৰ অপ্ৰতিৰোধ্য সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ নিৰ্বাচনত ইমেইল যোগে ভোটদান কৰাৰ প্ৰস্তাৱ উত্থাপন কৰা হৈছে।

কিন্তু ৰাষ্ট্ৰপতি ট্ৰাম্পে এই প্ৰস্তাৱ বিৰোধ কৰি কৈছে যে ইমেলেৰে ভোটাৰে ভোটদান কৰিলে ভোট হেক হোৱাৰ সম্ভাৱনা আছে।

বৃহস্পতিবাৰে ৰাষ্ট্ৰপতি ট্ৰাম্পে নিৰ্বাচন পিছুৱাই দিয়াৰ প্ৰস্তাৱো দিছিল, যিটো প্ৰস্তাৱক বিৰোধী ডেম’ক্ৰেট দলে প্ৰৱল বিৰোধ কৰিছে।

ইফালে ‘mail-in balloting’ হ’লে ৰাষ্ট্ৰপতি ট্ৰাম্প পৰাস্ত হোৱাটো প্ৰায় নিশ্চিত বুলি এই ব্যৱস্থাটোক তীব্ৰ বিৰোধিতা কৰি আহিছে বিৰোধী ডেম’ক্ৰেট দলে দাবী কৰিছে।

Related News