NORTHEAST NOW (Assamese)

মোৰ কথা লিখি ৰাখক, ট্ৰাম্পে ৰাষ্ট্ৰপতি নিৰ্বাচন পিছুৱাবলৈ চেষ্টা কৰিব : জ’ বিডেন

April 24, 2020 8:14 pm · এন ই নাও নিউজ
Updated: April 24, 2020 8:16 pm
বিডেন আৰু ট্ৰাম্প

আমেৰিকা যুক্তৰাষ্ট্ৰত ক’ৰ’না মহামাৰীয়ে তাণ্ডৱ অব্যাহত ৰখাৰ সময়তে মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক সমালোচনা অব্যাহত ৰাখিছে ডেম’ক্ৰেটিক পাৰ্টিৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী তথা প্ৰাক্তন মাৰ্কিন উপৰাষ্ট্ৰপতি জ’ বিডেনে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী জ’ বিডেনে ড’নাল্ড ট্ৰাম্পে চলিত বৰ্ষত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচন পিছুৱাবলৈ চেষ্টা কৰিব বুলি সমালোচনা কৰে।

‘‘মোৰ কথা লিখি ৰাখক। মই ভাবো ট্ৰাম্পে কিয় চলিত বৰ্ষত নিৰ্বাচন অনুষ্ঠিত কৰিব পৰা নাযাব সেই সম্পৰ্কে কিছু যুক্তি লৈ আহিব,’’ জ’ বিডেনে কয়।

৭৭ বছৰীয়া বিডেনে ৰাষ্ট্ৰপতি নিৰ্বাচন পিছুওৱাৰ দ্বাৰা ট্ৰাম্পে পুনৰ নিৰ্বাচনত জয়ী হ’বলৈ সক্ষম হ’ব বুলি ভাবিছে বুলিও লগতে অভিযোগ কৰে।

উল্লেখযোগ্য যে, আমেৰিকা যুক্তৰাষ্ট্ৰত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে বুলি  ডেম’ক্ৰেটিক পাৰ্টিৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী বিডেনে প্ৰথমৰে পৰা সমালোচনা অব্যাহত ৰাখিছে।

আনহাতে, আমেৰিকাৰ পূৰ্বৰ ৰাষ্ট্ৰপতি বৰাক ওবামায়ো কিছু দিন পূৰ্বে আমেৰিকাৰ ৰাষ্ট্ৰপতি পদৰ বাবে বিডেনৰ দৰে অভিজ্ঞ আৰু যোগ্য প্ৰাৰ্থীৰ প্ৰয়োজন বুলি মন্তব্য কৰিছিল।

Related News