NORTHEAST NOW (Assamese)

নেপালত ভূমিস্খলনৰ ফলত ১২ গৰাকী লোকৰ মৃত্যু, ২১ গৰাকী লোক সন্ধানহীন

September 13, 2020 10:18 pm · এন ই নাও নিউজ
উৎস-ইণ্টাৰনেট

ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ নেপালত ভূমিস্খলনৰ ফলত বাৰ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে ২১ গৰাকী লোক সন্ধানহীন হৈ আছে।

নেপালৰ দুখন গাঁৱত প্ৰবল বৰষুণৰ বাবে হোৱা বৃষ্টিপাতৰ ফলত সংঘটিত ভূমিস্খলনৰ ফলত ১২ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে বৰ্তমানলৈ ২১ গৰাকী লোক সন্ধানহীন আছে বুলি দেশখনৰ চৰকাৰী সূত্ৰত প্ৰকাশ পাইছে।

দেওবাৰে পুৱতি নিশাতে পাহাৰীয়া গাঁও দুখনত হঠাতে ভূমিস্খলন সংঘটিত হোৱাৰ ফলত লোক কেইগৰাকীৰ কৰুণ মৃত্যু হয় আৰু গাঁৱবাসী সকল আৱদ্ধ হৈ পৰে।

পুৱতি নিশা টোপনিৰ সময়তে ভূমিস্খলন সংঘটিত হোৱাৰ বাবে গাঁৱদুখনৰ জনসাধাৰণ সকলে নিজকে সুৰক্ষিত ঠাইলৈ যোৱাৰ বাবেও কোনোধৰণৰ সময় লাভ নকৰিলে।

ঘটনাস্থলীত উদ্ধাৰকাৰী বাহিনীৰ দল উপস্থিত হৈ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।

বৰ্তমানলৈ জুন-ছেপ্তেম্বৰ মাহত দেশখনত ভূমিস্খলনৰ ফলত মুঠ ৩১৪ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে।

Related News