NORTHEAST NOW (Assamese)

ল’কডাউনৰ মাজতে মহানগৰীৰ এখন বিদ্যালয়ত এসপ্তাহত দুবাৰকৈ চোৰে চলালে লুট-পাত

April 28, 2020 9:17 pm · কল্পজ্যোতি শইকীয়া

ল’কডাউনৰ মাজতে মহানগৰীৰ খানাপাৰা চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয়ত এসপ্তাহত সংঘটিত হৈছে দুবাৰকৈ চুৰি কাণ্ড।

ল’কডাউনৰ সুযোগ গ্ৰহণ কৰি দুবাৰকৈ চোৰে লুটি নিলে বিদ্যালয়ৰ বহু সামগ্ৰী।

যোৱা ২২ এপ্ৰিলৰ নিশা বিদ্যালয়খনৰ পৰা চোৰে কেইবাখনো ফেন, কিছু বাচন বৰ্তন আৰু দুটাকৈ ভাৰত গেছৰ চিলিণ্ডাৰ চুৰ কৰি লৈ যায়। এই কথা আমাৰ সাংবাদিকক জানিবলৈ দিয়ে বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী ভানুমতী মেধিয়ে।

তাৰ পাছতে যোৱা ২৩ এপ্ৰিলৰ দিনা দিছপুৰ থানাত এখন এজাহাৰ দাখিল কৰে বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীয়ে।

ইপিনে এই চুৰি কাৰ্য সংঘটিত হোৱাৰ তিনিদিন পাছতে অৰ্থাৎ ২৬ এপ্ৰিলৰ দিনা নিশা বিদ্যালয়খনৰ পৰা ছাত্ৰ-ছাত্ৰীৰ মধ্যাহ্ন ভোজনৰ বাবে আনি থোৱা ৫ কুইণ্টল(১০ বস্তা) চাউল চুৰি কৰি লৈ যায়।

চুৰি হোৱাৰ পাছত আজি পুনৰ দিছপুৰ থানাত এজাহাৰ কৰে প্ৰধান শিক্ষয়িত্ৰীয়ে।

এজাহাৰ দাখিল কৰাৰ পাছত দুয়োবাৰে দিছপুৰ আৰক্ষীৰ এটা দলে বিদ্যালয় পৰ্যবেক্ষণ কৰিয়ে যেন নিজৰ দায়িত্ব সামৰিছে।

বৰ্তমানলৈকে চুৰি কাৰ্যৰ লগত জড়িত কাকোৱেই আটক কৰিবলৈ সক্ষম হোৱা নাই দিছপুৰ আৰক্ষী।

২৪x৭ নিৰাপত্তাৰক্ষী বা আৰক্ষীয়ে গিজ-গিজাই থকা মহানগৰীত এসপ্তাহত এখন বিদ্যালয়ৰ পৰা দুবাৰকৈ চুৰি হোৱা ঘটনাই উদঙাই দিছে নিৰাপত্তাৰ ফোপোলাস্বৰূপ।

Related News