NORTHEAST NOW (Assamese)
Popular Stories

বেজৰ নাকত খৰ! খোদ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ টুইটাৰ একাউণ্ট হ’ল হেক্

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 12, 2022 2:50 pm
Ministry of Information and Broadcasting

অসমীয়াত এষাৰ কথা আছে, ‘বেজৰ নাকত খৰ’। এই আপ্ত বাক্যশাৰীকে প্ৰতিপন্ন হ’ল আজি পুৱা। হেকাৰৰ বলি হ’ল খোদ ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ টুইটাৰ একাউণ্ট।

মন্ত্ৰালয়ৰ হেক একাউণ্টৰ পৰা ৰিটুইট কৰা হ’ল টেছলাৰ স্বত্বাধিকাৰী এলন মাস্কৰ টুইট।

কেলিফৰ্ণিয়াৰ সৌৰ কৰ পদক্ষেপক সমালোচনা কৰি এলন মাস্কৰ এটা টুইটক ‘গুড জব’ বুলি লিখি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ টুইটাৰ একাউণ্টৰ পৰা ৰিটুইট কৰা হয়।

মাস্কৰ আন এটা টুইটৰ ওপৰত নতুন বৰ্ষৰ অনুষ্ঠান’ বুলি আন এটা ৰিটুইট কৰে একাউণ্টটোৱে।

 

মন্ত্ৰালয়ে শেহতীয়াকৈ একাউণ্টটো পুনৰুদ্ধাৰ কৰা হৈছে বুলি স্পষ্ট কৰিছে। লগতে হেকাৰে কৰা টুইট কেইটাও বৰ্তমান ডিলিট কৰা হৈছে।

উল্লেখ্য যে প্ৰায় এমাহ পূৰ্বে খোদ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ব্যক্তিগত টুইটাৰ একাউণ্টটোও হেক হৈছিল।