অস্ত্ৰ প্ৰশিক্ষণ কাৰ্যত জড়িত গোচৰত গ্ৰেপ্তাৰ বজৰং দলৰ দুই সদস্য
শেহতীয়াকৈ সোঁপন্থী হিন্দুত্ববাদী সংগঠন বজৰং দলে অসমৰ প্ৰায় ৪০০ যুৱকক দিয়া অস্ত্ৰ প্ৰশিক্ষণ সম্পৰ্কীয় গোচৰত আৰক্ষীয়ে দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে।
শেহতীয়াকৈ মঙলদৈৰ মহৰ্ষি বিদ্যামন্দিৰত বজৰং দলে আয়োজন কৰা অস্ত্ৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পিছতে অসম আৰক্ষীয়ে দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে।
উল্লেখ্য যে, বজৰং দলে ২৭ জুলাইৰ পৰা ৩০ জুলাইলৈকে অসমৰ বিভিন্ন প্ৰান্তৰ যুৱক-যুৱতীসকলৰ বাবে অস্ত্ৰ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰিছিল ।
এই গোচৰত গ্ৰেপ্তাৰ হোৱা দুয়োজন ব্যক্তি বজৰংগ দলৰ অস্ত্ৰ প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰা বিদ্যালয়খনত নিয়োজিত।
হেমন্ত পায়েং নামৰ গ্ৰেপ্তাৰ হোৱা এজন ব্যক্তি বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি।
আনহাতে, আনজন ধৃত ব্যক্তি – ৰতন দাস বিদ্যালয়খনৰ এজন কৰ্মচাৰী বুলি দৰং জিলাৰ আৰক্ষীয়ে অৱগত কৰে।
অৱশ্যে হেমন্ত পায়েঙেও এফআইআৰ দাখিল কৰে যে এজন অভিজিৎ ঘোষে বিদ্যালয়খনত যোগ শিবিৰ আয়োজন কৰিবলৈ বুলিহে তেওঁৰ পৰা অনুমতি বিচাৰিছিল।
পায়েঙে কয় যে বজৰংগ দলৰ অস্ত্ৰ প্ৰশিক্ষণ শিবিৰৰ বিষয়ে তেওঁ কেৱল সংবাদ মাধ্যমৰ বাতৰিৰ পৰাহে জানিব পাৰিছিল।
বজৰংগ দলৰ অস্ত্ৰ প্ৰশিক্ষণ শিবিৰৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছতেই সচেতন মহলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।
আৰক্ষী সূত্ৰ অনুসৰি, মঙলদৈ আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধিৰ ১৫৩এ (বিভিন্ন গোটৰ মাজত শত্ৰুতা প্ৰসাৰ কৰা) আৰু ৩৪ (উমৈহতীয়া উদ্দেশ্য আগুৱাই নিয়াৰ বাবে কেইবাজনো ব্যক্তিয়ে কৰা কাৰ্য) ধাৰাত তেওঁলোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হয়।