NORTHEAST NOW (Assamese)

বিশ্বনাথত বৃহৎ পৰিমাণৰ কফ চিৰাফৰ বটলসহ টেবলেট জব্দ, দুজন যুৱকক আটক

February 20, 2022 7:19 pm · কাজি জেইদুল ইছলাম, বিশ্বনাথ
Updated: February 20, 2022 7:22 pm

বিশ্বনাথ চাৰিআলিৰ মাজমজিয়াত বৃহৎ পৰিমাণৰ কফ চিৰাফৰ বটলসহ বৃহৎ সংখ্যক টেবলেট জব্দ কৰিছে আৰক্ষীয়ে।

গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে হাতে লোটে আটক কৰে দুজনকৈ যুৱকক।যুৱক দুজনৰ পৰা বৃহৎ পৰিমাণৰ কফ চিৰাপৰ লগতে নিচাজাতীয় টেবলেট উদ্ধাৰ কৰে আৰক্ষীয়ে।

AS-12S-0150 নম্বৰৰ এখন স্কুটিত যুৱক দুজনে এই নিচাজাতীয় দ্ৰব্য খিনি কঢ়িয়াই আনিছিল।

ধৃত যুৱক দুজনক বিশ্বনাথ চাৰিআলিৰ আমবাৰীৰ ছাদ্দিক শ্বেখ আৰু আক্ৰম বেপাৰী বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষীৰ গোপন সূত্ৰৰ অভিযানত আৰু ৰাইজৰ সহযোগত ১০০ টা কফ চিৰাফৰ বটল সহ ৩০০ টা টেবলেট হাতে লোটে জব্দ কৰিবলৈ সক্ষম হয়।

বিশ্বনাথ আৰক্ষীয়ে ইতিমধ্যে আটক কৰা দুজনক জেৰা অব্যাহত ৰাখিছে। লগতে আৰক্ষীয়ে এই চক্ৰটোৰ সন্ধানত তদন্ত আৰম্ভ কৰিছে বুলি জানিবলৈ দিয়ে।

অৱশ্যে এই নিচাজাতীয় সামগ্ৰী খিনি‌ কোন স্থানৰ পৰা আৰু ক’লৈ সৰবৰাহ কৰা হৈছিল পৰৱৰ্তী সময়তহে আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব। 

Related News