NORTHEAST NOW (Assamese)
অসম

টীয়কত বিলাসী গাড়ীসহ দুই গৰু চোৰক গ্ৰেপ্তাৰ : ষড়যন্ত্ৰৰ অভিযোগ গ্ৰেপ্তাৰ হোৱা চোৰৰ

Posted by: নীৰ্মলেন্দু পাঠক Updated by: নীৰ্মলেন্দু পাঠক June 27, 2020 2:50 pm
Screenshot_2020-06-27-11-48-11_1

যোৰাহাট জিলাৰ টীয়কত এখন বিলাসী গাড়ীসহ দুই গৰু চোৰক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

যোৱা নিশা টীয়কৰ লাহদৈগড় আৰক্ষীয়ে এক গোপন সুত্ৰৰ পম খেদি লাহদৈগড় হাতীবৰুৱা চাৰিআলিত এখন বিলাসী বাহনসহ গৰু চোৰকেইটাক গ্ৰেপ্তাৰ কৰে।

AS-01-4199 নম্বৰৰ টাটা ইণ্ডিগ’ বাহনখনৰ লগতে আৰক্ষীয়ে দুটাকৈ গৰুও উদ্ধাৰ কৰে আৰক্ষীয়ে।

জানিব পৰা মতে উক্ত অঞ্চলত দীৰ্ঘদিন ধৰি এই চোৰৰ দলটোৱে নিশা আন্ধাৰৰ সুযোগ লৈ গৰু চুৰ কৰি আহিছিল।

ধৃত ৰফিউল হুচেইন আৰু ইমৰান হুচেইন নামৰ চোৰ দুটা সম্পৰ্কত পিতা-পুত্ৰ।

লাহদৈগড় আৰক্ষীৰ এই সফলতাক স্থানীয় ৰাইজে প্ৰশংসা কৰিছে।

অৱশ্যে ধৃত ৰফিউলে সমগ্ৰ ঘটনাটো পৰিকল্পিত ষড়যন্ত্ৰ বুলিহে মন্তব্য কৰিছে।

নিশা তেওঁৰ বাৰিৰ পাছফালে তেওঁৰ অজ্ঞাতে কোনো দুষ্ট চক্ৰই দুটা গৰু বান্ধি থৈছিল আৰু গাড়ীখন কোনে কিয় উক্ত স্থানলৈ নিলে সেই বিষয়ে অৱগত নহয় বুলি জানিবলৈহে দিছে।