NORTHEAST NOW (Assamese)

গোৱালপাৰাত একে নিশাই ৩টাকৈ পথ দুৰ্ঘটনা; ২জন যুৱক নিহত, মহিলাসহ ১৪জন আহত

September 19, 2019 10:00 am · কৃষ্ণাই
Updated: September 19, 2019 10:57 am

বুধবাৰে নিশা গোৱালপাৰা জিলাৰ ৰংজুলি আৰু দুধনৈত সংঘটিত তিনিটাকৈ পৃথক-পৃথক শোকাৱহ পথ দুৰ্ঘটনাত দুজন যুৱক নিহত হোৱাৰ লগতে মহিলাসহ ১৪ জনকৈ লোক আহত হয়।

প্ৰাপ্ত তথ্য মতে কালি নিশা দুধনৈ থানাৰ অন্তৰ্গত নয়াপাৰা আৰু আমজোঙাৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দুটা বাইক দুৰ্ঘটনা সংঘটিত হৈছিল। উক্ত দুৰ্ঘটনা দুটাত দুজন যুৱক নিহত হোৱাৰ লগতে এগৰাকী যুৱতীসহ চাৰিজন লোক আঘাতপ্ৰাপ্ত হয়।

উল্লেখযোগ্য যে দুধনৈৰ নয়াপাৰাত সংঘটিত দুৰ্ঘটনাত গুৰুতৰভাৱে আহত বিকাশ ৰাভা নামৰ এজন যুৱকক দুধনৈ চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পাছতে চিকিৎসকে তেওঁক মৃত্যু হোৱা বুলি ঘোষণা কৰাকলৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল।

যুৱকজনৰ পৰিয়াল আৰু স্থানীয় ৰাইজে তেওঁৰ মৃত্যু হোৱা নাই বুলি দাবী কৰি এক উত্তপ্ত পৰিৱেশ সৃষ্টি কৰাৰ লগতে চিকিৎসালয়ৰ আচবাব ভাঙি লণ্ডভণ্ড কৰে ৷ পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

জানিব পৰা মতে নিহত বিকাশ ৰাভাৰ ঘৰ লেলাৰ পুখুৰীপাৰাত।

আনহাতে আমজোঙাৰ বাইক দুৰ্ঘটনাত নিহত যুৱকজনক ৰঞ্জন কুমাৰ ৰাভা বুলি চিনাক্ত কৰা হৈছে ৷

উক্ত দুৰ্ঘটনা দুটাৰ উপৰি একেটা নিশাই ধূপধৰা আৰক্ষী থানাৰ অন্তৰ্গত ধনুভাঙাত এখন মাৰুতি কাৰ আৰু আন এখন চাৰিচকীয়া বাহনৰ মাজত মুখামুখি সংঘৰ্ষ লাগে, ফলত ৮ জনকৈ লোক গুৰুতৰভাৱে আহত হয়।

Related News