NORTHEAST NOW (Assamese)
অসম

বোকাখাতত বন বিভাগৰ অভিযান; অবৈধ শিল কঢ়িওৱা দুখন ডাম্পাৰ জব্দ

Posted by: উত্তম শইকীয়া September 6, 2018 10:34 am
Dumpers seized at Bokakhat

বোকাখাত বন বিভাগে কালি অৰ্থাৎ বুধবাৰে নিশা এক অভিযান চলাই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা দুখনকৈ অবৈধভৱে শিল কঢ়িওৱা ডাম্পাৰ জব্দ কৰে।

প্ৰাপ্ত তথ্য মতে, এক বিশেষ সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ আধাৰত বোকাখাতত থকা পুব অসম বন্যপ্ৰাণী সংমণ্ডলৰ খণ্ড বন কাৰ্যালয়ে যোৱা নিশা চলোৱা এক অভিযানত উক্ত অবৈধ শিল ভৰ্তি ডাম্পাৰ দুখন জব্দ কৰা হয়।

আৰক্ষীৰ এক সূত্ৰই জনোৱা মতে এ এছ -০৫ চি -০১৭৭ আৰু এ এছ -০৫ চি -০১০২ নম্বৰৰ ডাম্পাৰ কেইখনে কাৰ্বি আংলং জিলাৰ ডলামৰাৰ পৰা কোনো নথি পত্ৰ নোহোৱাকৈ শিল কঢ়িয়াই আনিছিল। ডাম্পাৰ দুখন বোকাখাতৰ জনৈক আগৰৱালা আৰু ৰিংকু নামৰ দুজন শিল ব্যৱসায়ীৰ বুলি জানিব পৰা গৈছে ৷

আনহাতে কাৰ্বি আংলং জিলাৰ ডলামৰাত থকা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ সন্মুখৰ চেক গেটেদিয়েই নথি পত্ৰ নোহোৱাকৈ শিল ভৰ্তি ডাম্পাৰ দুখন পাৰহৈ আহিছিল। পুৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ খণ্ড বন কাৰ্যালয়ে জব্দ কৰা ডাম্পাৰ দুখনৰ ওপৰত আইনগত ব্যৱস্থা গ্ৰহন কৰি তদন্ত আৰম্ভ কৰিছে জানিবলৈ দিয়ে।