NORTHEAST NOW (Assamese)

কংগ্ৰেছী মুখ্যমন্ত্ৰীক সমালোচনা কৰা ভিডিঅ’ৰ বাবেই দুগৰাকী সাংবাদিকক গ্ৰেপ্তাৰ! দেশজুৰি প্ৰতিক্ৰিয়া

March 13, 2025 10:45 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: March 13, 2025 11:00 am

তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীক সমালোচনা কৰা এটা ভিডিঅচিয়েল মিডিয়াত প্ৰকাশ কৰা হৈছিল। ভিডিঅটোৰ বাবেই ৰেৱন্তৰ সুনাম বদনাম হোৱা বুলি অভিযোগ কৰি এজন কংগ্ৰেছ নেতাই থানাত এজাহাৰ দাখিল কৰে। সেই অভিযোগৰ ভিত্তিত হায়দৰাবাদ আৰক্ষীৰ চাইবাৰ উইঙে তেলেংগানাৰ এটা ইউটিউব চেনেলৰ কাৰ্যালয়ৰ পৰা দুজন সাংবাদিকক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ হোৱাসকলৰ ভিতৰত আছে ইউটিউব চেনেলটোৰ পৰিচালন সঞ্চালক ৪৪ বছৰীয়া পি ৰেৱতী। আনজন হৈছে ২৫ বছৰীয়া বি সন্ধ্যা।

তেলেংগানা প্ৰদেশ কংগ্ৰেছ কমিটীৰ ছচিয়েল মিডিয়া শাখাৰ এজন নেতাই আৰক্ষীক এজাহাৰ দাখিল কৰে। তেওঁ কয় যে যোৱা ১০ মাৰ্চত তেওঁ ছচিয়েল মিডিয়াত এটা ভিডিঅ দেখিছিল। সাক্ষাৎকাৰৰ ভিডিঅ আছিল। তেওঁ আৰক্ষীক জনোৱা মতে, ইউটিউব চেনেলৰ এজন প্ৰতিনিধিয়ে সাক্ষাৎকাৰটো চলাই আছে। অভিযোগকাৰীয়ে দাবী কৰিছে যে ভিডিঅটোত মুখ্যমন্ত্ৰী ৰেৱন্তৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা হৈছে। এই ভিডিঅটো ইচ্ছাকৃতভাৱে মুখ্যমন্ত্ৰীৰ ভাবমূৰ্তি কলংকিত কৰাৰ লগতে অশান্তি জগাই তোলা বুলি দাবী কৰে কংগ্ৰেছ নেতাগৰাকীয়ে। সেই অভিযোগৰ ভিত্তিত ব্যৱস্থা গ্ৰহণ কৰা বুলি আৰক্ষীয়ে জনায়।

সংবাদ প্ৰতিষ্ঠান ‘ইণ্ডিয়া টুডেৰ এক প্ৰতিবেদন অনুসৰি তেলেংগানা যুৱ কংগ্ৰেছৰ এজন নেতাই হায়দৰাবাদ চাইবাৰ ক্ৰাইম থানাতো এজাহাৰ দাখিল কৰে। সেই ভিডিঅৰ জৰিয়তে মুখ্যমন্ত্রীৰ সুনাম বদনাম হোৱা বুলিও তেওঁ অভিযোগ কৰে৷ ভুৱা আৰু একপক্ষীয় তথ্য দাখিল কৰা বুলি অভিযোগ উত্থাপন কৰে কংগ্ৰেছ কৰ্মীগৰাকীয়ে।

মুখ্যমন্ত্ৰীৰ মানহানিৰ অভিযোগ পোৱাৰ পাছতহে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰে। সেই ইউটিউব চেনেলৰ দুজন সাংবাদিকক গ্ৰেপ্তাৰ কৰা হল। প্ৰশাসনে দাবী কৰিছে যে মুখ্যমন্ত্ৰীক বদনাম কৰাৰ লক্ষ্যৰে ভিডিঅটো সৃষ্টি আৰু প্ৰচাৰত দুয়োজনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। আৰক্ষীয়ে তেওঁলোকৰ পৰা দুটা লেপটপ, হাৰ্ড ডিস্ক, ৭টা চিপিইউ আদিকে ধৰি কেইবাটাও ইলেক্ট্ৰনিক ডিভাইচ জব্দ কৰে।

বুধবাৰে গ্ৰেপ্তাৰ হোৱাৰ পূৰ্বে ৰেৱতীয়ে ছচিয়েল মিডিয়াত আন এটা ভিডিঅ পোষ্ট কৰিছিল। তাতে তেওঁ দাবী কৰিছিল যে পুলিচ তেওঁৰ ঘৰত উপস্থিত হৈছিল। মহিলাগৰাকীয়ে গ্ৰেপ্তাৰ হব পাৰে বুলিও সন্দেহ প্ৰকাশ কৰে। ৰেৱতীয়ে কয় যে চৰকাৰ আৰু ৰেৱন্তক জেৰা কৰাৰ বাবে তেওঁক টাৰ্গেট কৰা হৈছে। ইতিমধ্যে বিৰোধী শিবিৰ বিআৰএছে সাংবাদিক দুগৰাকীক গ্ৰেপ্তাৰ কৰাৰ সন্দৰ্ভত মাত মাতিছে। বি আৰ এছৰ নেতা কে টি ৰামা ৰাৱে ছচিয়েল মিডিয়াত ৰাহুল গান্ধীক সুধিলে, “এইখন আপোনাৰ ‘প্ৰেমৰ দোকান’ নেকি? পুৱতি নিশা দুগৰাকী মহিলা সাংবাদিকক গ্ৰেপ্তাৰ কৰা হয়। তেওঁলোকৰ অপৰাধ কি?” তেলেংগানাৰ কংগ্ৰেছ চৰকাৰক ব্যৰ্থ আৰু দুৰ্নীতিগ্ৰস্ত বুলিও তেওঁ আক্ৰমণ কৰে। ৰাহুলক সম্বোধন কৰি তেওঁ আৰু লিখিছে, “আপুনি যি সংবিধানৰ কথা কৈছে, সেইখনে কেৱল বাক স্বাধীনতাৰ কথাহে কয়।”

Related News