NORTHEAST NOW (Assamese)

ড্ৰাগছ মাফিয়াই হত্যা কৰিছিল দুজনকৈ সাংবাদিকক

January 26, 2023 8:49 am · এন ই নাও নিউজ, গুৱাহাটী

যোৱা বছৰৰ জুন মাহত আমাজন জংঘলত উদ্ধাৰ হৈছিল দুটা মৃতদেহ। এজন ব্ৰিটিছ সাংবাদিক তথা গৱেষক ডম ফিলিপছ । আনজন হৈছে ব্ৰাজিলৰ পৰিৱেশ কৰ্মী ব্ৰুনো পেৰেইৰা

জানিব পৰা মতে আমাজনৰ জংঘল আৰু জলাশয়ত অবৈধভাবে মাছ ধৰা, ড্ৰাগছ সৰবৰাহ, খনিজ নিষ্কাশন, কাঠ সৰবৰাহৰ বিষয়ে অনুসন্ধান তথা গৱেষণা কৰিছিল সাংবাদিক দুগৰাকীয়ে। তদন্তকাৰীয়ে সন্দেহ প্ৰকাশ কৰিছিল যে তাৰ বাবেই সাংবাদিকপ দুজনক ড্ৰাগছ সৰবৰাহকাৰীয়ে হত্যা কৰিছিল।

ব্ৰাজিলৰ আৰক্ষীয়ে সোমবাৰে কয় যে তেওঁলোকৰ সন্দেহ সঁচা বুলি যথেষ্ট প্ৰমাণ লাভ কৰিছে। ৰুবেন ডি চিলভা ভিলা ওৰফে কলম্বিয়া নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰীক আৰক্ষীয়ে মূল অভিযুক্ত হিচাপে চিনাক্ত কৰিছে।

আমাজন অঞ্চলৰ নিৰাপত্তাৰ দায়িত্বত থকা ফেডাৰেল আৰক্ষী অধীক্ষক এডুয়াৰ্ডো ফণ্টেছে সংবাদমেলত কয় যে তদন্ত প্ৰায় সম্পূৰ্ণ হৈছে। তদন্তৰ কাম প্ৰায় ৯০ শতাংশ সম্পূৰ্ণ হৈছে।

ব্ৰুনোৰ হত্যাকাণ্ডৰ বাবে কলম্বিয়াত তিনিজন লোক দায়ী বুলি ফণ্টেছে কয়। ইতিমধ্যে পিছত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে  এই তিনিজন লোকক।

যোৱা বছৰৰ ৫ জুনত ডম আৰু ব্ৰুনোক আমাজনৰ গভীৰ অৰণ্যৰ মাজত গুলীয়াই হত্যা কৰা হৈছিল। মৃতদেহ উদ্ধাৰ কৰাৰ পিছতেই আৰক্ষীয়ে কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰিছিল।  ইতিমধ্যে আৰক্ষীৰ তদন্ত প্ৰায় সম্পূৰ্ণ হৈছে বুলি জানিবলৈ পোৱা গৈছে।

Related News