NORTHEAST NOW (Assamese)

বজালীত দুই কিলোগ্ৰাম ওজনৰ সোণৰ নাও জব্দ : এখন বাহনসহ তিনি যুৱকক আটক

October 10, 2020 8:58 pm · শশাংক তালুকদাৰ

বজালীত সোণৰ নাও বিক্ৰী কৰিবলৈ আহি আৰক্ষীৰ হাতত কৰায়ত্ত হল তিনি যুৱক।

সৰুপেটা আৰক্ষীৰ নিয়মীয়া তালাচী অভিযানত সৰুপেটাত আটক হোৱা তিনি যুৱকে এখন এল্ট’ৰে লৈ আহিছিল সোণৰ নাওখন।

AS-07-Q7668 নম্বৰৰ গাড়ীখনেৰে ২ কেজি ২৪০ গ্ৰাম ওজনৰ সোণৰ নাওখন বিক্ৰীৰ বাবে লৈ আহিছিল বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে।

লখিমপুৰৰ পঞ্জীয়ন থকা গাড়ীখন আৰক্ষীয়ে জব্দ কৰাৰ উপৰি আটক হোৱা তিনি যুৱক ক্ৰমে ৰাজাদুল হক, আবু হানিফা আৰু নুৰজামাল হুছেইন বুলি আৰক্ষীয়ে সূত্ৰই প্ৰকাশ কৰিছে।

বৰ্তমানে সৰুপেটা আৰক্ষীয়ে নিজৰ জিম্মাত লৈ জেৰা অব্যাহত ৰাখিছে।

Related News