NORTHEAST NOW (Assamese)
Popular Stories

দিখৌত নৌ সেনাক বিব্ৰত কৰি দুৰ্ভগীয়া গাড়ীখনৰ অৱস্থান নিৰ্ধাৰণ ২টুকুৰা চুম্বকৰ!

Posted by: অনিৰ্বাণ ৰয় September 5, 2018 5:01 pm

ভাৰতীয় নে’ভিৰ চ’নাৰ (SONAR/ Sound Navigation And Ranging) প্ৰযুক্তিক বিব্ৰত কৰি দুৰ্ভগীয়া হৰেন বৰাৰ ডুব যোৱা গাড়ীখনৰ সন্ধান উলিয়াই উৎকণ্ঠিত অসমবাসীক সকাহ দিলে ডিব্ৰুগড়স্থিত ব্যৱসায়ী প্ৰতিষ্ঠানৰ দুটুকুৰা উচ্চ ক্ষমতাসম্পন্ন চুম্বকে।

যোৱা ১ ছেপ্তেম্বৰৰ সন্ধিয়া ৬ বজাৰ পৰা শিৱসাগৰ জিলাৰ ন দিছিয়ালত দিখৌ নৈত সন্ধানহীন হৈ আছিল হৰেন বৰাৰ পৰিয়ালটো।

উদ্ধাৰ অভিযানত এচ ডি আৰ এফ আৰু এন ডি আৰ এফ দল বিফল হোৱাৰ পিছত ৱিশাখাপট্টনমৰ পৰা বিমানযোগে অনা হৈছিল নৌ সেনাৰ ৮জনীয়া এদল ডুবাৰু।

দিখৌত গাড়ীখনৰ কোনো সন্ধান নোপোৱা নে’ভিৰ দলটোৱে ঘটনাথলীৰ ৩.৫ কি.মি. এলেকাৰ ভিতৰত গাড়ীখন আনকি নাই বুলিয়ে ঘোষণা কৰি দিলে।

কিন্তু অসমৰ অগ্নি নিৰ্বাপন আৰু জৰুৰী সেৱাৰ বিষয়াই দুৰ্ভগীয়া গাড়ীখন বিচাৰি উলিয়াবলৈ বিকল্প চেষ্টা অব্যাহত ৰাখিলে।

বিভাগটোৰ মাণ্ডলিক বিষয়া আৰ চি ভগতে নৰ্থ ইষ্ট নাও-ক জনাই যে মঙলবাৰে সন্ধিয়া তেওঁলোকে শক্তিশালী চুম্বক বিচাৰি অসম ডনবস্ক’ য়ুনিভাৰ্ছিটিৰ সহযোগী অধ্যাপক ড০ বিক্ৰমজিৎ কাকতীৰ সৈতে যোগাযোগ কৰে।

এন এফ ৰে’লৱে’ত অভিযন্তা হিচাপে কাম কৰাৰ অভিজ্ঞতা থকা ড০ কাকতীয়ে বিষয়াসকলক লগে লগে ডিব্ৰুগড়ৰ অসম মেগনেট কোম্পানিৰ মালিক অশোক গাড়দিয়াৰ সৈতে যোগাযোগ কৰাৰ পৰামৰ্শ দিলে।

magnet-king assam magnet co
অসম মেগনেট কোম্পানিৰ মালিক অশোক গাড়দিয়া (ক’লা চোলা পৰিহিতজন)। ফট’ নৰ্থ ইষ্ট নাও।

গাড়দিয়াই বদান্যতাৰে মঙলবাৰে সন্ধিয়াই অসম অগ্নিনিৰ্বাপন আৰু জৰুৰী সেৱাৰ হাতত তুলি দিলে দুটুকুৰা উচ্চ ক্ষমতাসম্পন্ন চুম্বক- তাৰে এটুকুৰা আয়তাকৃতিৰ আৰু আনটুকুৰা ডিম্বাকৃতিৰ। প্ৰতিটুকুৰাৰ ওজন আছিল প্ৰায় ৩ কি.গ্ৰা.।

‘আমি যিহেতু ঔদ্যোগিক কামৰ বাবে চুম্বক তৈয়াৰ কৰো, সেয়ে মই ভাবিলো এই দুটুকুৰাই অভিযানটোৰ বাবে যথেষ্ট হ’ব,’ নৰ্থ ইষ্ট নাও-ক ডিব্ৰুগড়ৰ পৰা জনালে গাড়দিয়াই।

সেই চুম্বক দুটুকুৰাৰ সহায়তে বুধবাৰে পুৱা পুনৰ উদ্ধাৰ অভিযান আৰম্ভ কৰিলে অভিযানকাৰী দলে।

আৰু মাত্ৰ এঘণ্টাতকৈয়ো কম সময়তে দিখৌৰ ৩০ ফুট তলৰ বোকাত পোত খাই থকা অৱস্থাত সন্ধান পালে দুৰ্ভগীয়া বাহনখনৰ।

লগে লগে এচ ডি আৰ এফৰ ডুবাৰুৱে পানীৰ তলত গৈ নিশ্চিত কৰিলে ঠিকেই সন্ধান দিছে চুম্বক দুটুকুৰাই!