NORTHEAST NOW (Assamese)
দেশ

জম্মু-কাশ্মীৰত সেনাৰ গুলীত নিহত দুই উগ্ৰপন্থী : আহত দুজন সেনা-জোৱান

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 8, 2025 6:30 pm

জম্মু-কাশ্মীৰৰ কুলগাম জিলাত সোমবাৰে সংঘটিত হোৱা এক এনকাউণ্টাৰত দুজন সন্ত্ৰাসবাদী নিহত হোৱাৰ লগতে দুজন সেনা জোৱান আহত হৈছে।

চাইনা কৰ্পছে এক্স পোষ্টত কয় যে, “বিশেষ চোৰাংচোৱাৰ ভিত্তিত জম্মু-কাশ্মীৰ আৰক্ষী, ভাৰতীয় সেনা আৰু চি আৰ পি এফে যৌথভাৱে কুলগামৰ গুদ্দাৰ বনাঞ্চলত অনুসন্ধান অভিযান আৰম্ভ কৰে।

বিবৃতিটোত কোৱা হৈছে যে, “জোৱানে সন্দেহজনক গতিবিধি দেখিছিল আৰু তেওঁলোকক প্ৰত্যাহ্বান জনোৱাৰ লগে লগে সন্ত্ৰাসবাদীয়ে গুলীচালনা আৰম্ভ কৰে। ইয়াৰ পিছত হোৱা এনকাউণ্টাৰত এজন সন্ত্ৰাসবাদী নিহত হয়, আনহাতে এজন কনিষ্ঠ কমিচনড অফিচাৰ আহত হয়।”

ইয়াৰ কিছু সময়ৰ পাছতে সেনাই এই অভিযানত আন এজন ‘সন্ত্রাসবাদী নিহত হোৱা বুলি অৱগত কৰে৷চাইনা কৰ্পে নিজৰ বিবৃতিত কয় যে, “কুলগামৰ গুদ্দাৰ বনাঞ্চলত চলি থকা অভিযানত আৰু এজন সন্ত্ৰাসবাদী নিহত হৈছে। এজন জোৱান আহত হৈছে, যাক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ লৈ যোৱা হৈছে। নিহত সন্ত্ৰাসবাদীৰ পৰিচয় নিশ্চিত কৰা হৈছে।”