NORTHEAST NOW (Assamese)

আইচ’লেশ্যন কেন্দ্ৰৰ পৰাই পৰীক্ষাত অৱতীৰ্ণ হ’ল ক’ভিড-১৯ পজিটিভ দুগৰাকী নাৰ্চে

June 23, 2020 5:37 pm · এন ই নাও নিউজ
পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সময়ত নাৰ্চ দুগৰাকী

ক’ৰ’না ভাইৰাছৰ প্ৰতিৰোধৰ ক্ষেত্ৰত নিজৰ দায়িত্ব সম্পাদনৰ সময়ত ক’ৰ’না পজিটিভ হোৱা পঞ্জাৱৰ দুগৰাকী নাৰ্চে আইচ’লেশ্যন ৱাৰ্ডৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হোৱা কাৰ্য্যক প্ৰশংসা কৰিছে পঞ্জাৱৰ মুখ্য মন্ত্ৰী অমৰিন্দৰ সিঙে।

‘‘ক’ৰ’না আক্ৰান্ত হোৱা যুৱ নাৰ্চ দুগৰাকীৰ একাগ্ৰতাক নমস্কাৰ জনাইছো,’’ অমৰিন্দৰ সিঙে কয়।

আনহাতে, ক’ৰ’না আক্ৰান্ত নাৰ্চ দুগৰাকীয়ে আইচ’লেশ্যনত থকা সময়ত পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ চৰকাৰলৈ অনুৰোধ কৰিছিল।

নাৰ্চ দুগৰাকীৰ অনুৰোধ ৰক্ষা কৰি পঞ্জাৱ চৰকাৰে দুয়োকো আইচ’লেশ্যন কেন্দ্ৰৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে অনুমতি প্ৰদান কৰে।

চৰকাৰৰ সহযোগিতাৰ বাবে আইচ’লেশ্যন কেন্দ্ৰৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হৈ উৎফুল্লিত হৈ পৰে দুয়োগৰাকী নাৰ্চ আৰু এনেধৰণৰ ব্যৱস্থাৰ বাবে পঞ্জাৱ চৰকাৰক প্ৰশংসা কৰে।

উল্লেখযোগ্য যে, ভাৰতত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণে গুৰুতৰ ৰূপ ধাৰণ কৰিছে।

আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ব্ৰাজিলৰ পাছতে ভাৰত সৰ্বাধিক ক’ৰ’না আক্ৰান্ত হোৱা দেশ।

ভাৰতত ক’ৰ’না আক্ৰান্তৰ সংখ্যাই ৪ লাখ ৩০ অতিক্ৰম কৰিছে।

Related News