NORTHEAST NOW (Assamese)

এটা চুমাৰ বাবে দুজনী ছোৱালীক নৃশংসভাৱে হত্যা; দুজন হত্যাকাৰীক গ্ৰেপ্তাৰ

May 20, 2020 8:36 am · এন ই নাও নিউজ
Updated: May 20, 2020 8:54 am
ইণ্টাৰনেটৰ পৰা সংগৃহীত

এটা ভাইৰেল ভিডিঅ’ৰ বাবে পাকিস্তানত দুগৰাকী ছোৱালীক হত্যা কৰাৰ দৰে ঘটনা সংবাদ মাধ্যমৰ জৰিয়তে পোহৰলৈ অহাত বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে।

জানিব পৰা মতে দেশখনৰ উত্তৰ-পশ্চিমৰ জনজাতীয় অঞ্চলৰ এজন পুৰুষে ছোৱালী দুজনীক চুমা খোৱাৰ বাবেই তেওঁলোকক নৃশংসভাৱে হত্যা কৰা হয়।

কেই সপ্তাহমান পূৰ্বে এজন পুৰুষে ছোৱালী দুগৰকীক ওঁঠত চুমা খাই থকা এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল। আৰু তাৰ পিছৰ পৰাই এই ঘটনাটোৱে সৰ্বত্ৰে চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ পৰিছিল।

আৰক্ষীয়ে এই ভয়ংকৰ হত্যাকাণ্ডটো সংঘটিত কৰাৰ অপৰাধত এজনী ছোৱালীৰ দেউতাক আৰু আন এজনীৰ ভায়েকক গ্ৰেপ্তাৰ কৰিছে।

উল্লেখ্য যে দেশখনৰ আদিবাসী অঞ্চলত মহিলা সকলে অকলে ঘৰৰ বাহিৰলৈ ওলাই আহিব নোৱাৰে আৰু পুৰুষৰ সৈতে সমিল মিলে চলাত সম্পূৰ্ণ নিষেধাজ্ঞা আছে।

আৰক্ষীয়ে জানিব দিয়া মতে এই হত্যাকাণ্ডটো ১৪ মে’ৰ দিনা বজীৰিস্তান জিলাৰ এখন গাঁৱত সংঘটিত হৈছে।

ইয়াৰ উপৰি আৰক্ষীয়ে কয় যে ছোৱালী দুজনীয়ে পুৰুষজনৰ লগত কথা-বতৰা পাতি থকা ভিডিঅ’টো আছিল ৫২ ছেকেণ্ডৰ। ভিডিঅ’টোৰ আঁৰত আন এজনী ছোৱালীও আছিল বুলি উল্লেখ কৰে আৰক্ষীয়ে।

এই সন্দৰ্ভত আৰক্ষীয়ে কয় যে ইতিমধ্যে ভিডিঅ’টোত দেখা দুজনী ছোৱালীক হত্যা কৰা হৈছে আৰু তৃতীয় গৰাকীৰ বিষয়ে সবিশেষ একো তথ্য লাভ কৰা নাই।

ইফালে ভিডিঅ’টোত চুমা খাই থকা ২৮ বছৰীয়া উমৰ আয়াজ নামৰ যুৱকজনকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

আৰক্ষীৰ মতে তৃতীয়জনী ছোৱালী জীৱিত আছে আৰু তেওঁৰ জীৱনক লৈ চিন্তা কৰিবলগীয়া বিশেষ নাই।

উল্লেখ্য যে আধকাঘীন লোক দুজনে হত্যাকাণ্ড সংঘটিত কৰা বুলি আৰক্ষীৰ আগত স্বীকাৰ কৰিছে।

Related News