NORTHEAST NOW (Assamese)

বোকাখাতত সংঘটিত পৃথক পৃথক পথ দুৰ্ঘটনাত দুজন লোকৰ মৃত্যু

November 17, 2019 10:18 pm · উত্তম শইকীয়া

বোকাখাতৰ লখৌজানত এখন আল্ট্ৰা বাছ আৰু এখন  মটৰ চাইকেলৰ মাজত দেওবাৰে সন্ধিয়া হোৱা এক মুখামুখি সংঘৰ্ষত মটৰ চাইকেল আৰোহী এজনৰ ঘটনাস্থলীতে মৃত্যু হয়।

জানিব পৰা মতে, বোকাখাতৰ বৰ চাপৰিৰ পৰা এ এছ-০৫ এল-৬৯৮৯ নম্বৰৰ প্লেটিনা মটৰ চাইকেলেৰে বোকাখাতলৈ বুলি আহি থকা এজন যুৱকৰ বাহনখনৰ বিপৰীত দিশৰ পৰা আহি থকা এ এছ-০৩ বিচি-৭৪০৭ নম্বৰৰ আল্ট্ৰা বাছ এখনৰ সৈতে মুখামুখি সংঘৰ্ষ সংঘটিত হয়।

দুৰ্ঘটনাটোৰ ফলত বাইকখনত আহি থকা সুমন দাস নামৰ যুৱকজনৰ থিতাতে মৃত্যু হয়।

দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে আল্ট্ৰা বাছখনে পলায়ন কৰে যদিও পৰৱৰ্তী সময়ত কমৰাগাঁও আৰক্ষীয়ে বাছখন জব্দ কৰে।

আনহাতে, দেওবাৰে ৰাতিপুৱা বোকাখাতৰ অসম ৰাজ্যিক পৰিবহন আস্থানৰ সমীপত মঙ্গলদৈৰ টেঙাবাৰীৰ কনক ডেকা নামৰ লোকজনে পথ অতিক্ৰম কৰিবলৈ লওতেই এ এছ ০৩ বি চি ২৪৫৯ নম্বৰৰ মালবাহী পিকআপ ভান এখনে মহটিয়াই নিয়ে।

দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হোৱা কনক ডেকাক বোকাখাতৰ চহিদ কমলামিৰি অসামৰিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰি উন্নত চিকিৎসাৰ বাবে যোৰহাট মেডিকেল কলেজ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসাধীন অৱস্থাতে তেওঁৰ মৃত্যু হয় ৷

দুৰ্ভগীয়া কনক ডেকাই বোকাখাতৰ ৩ নং ৱাৰ্ডত ভাড়াতীয়া হিচাপে আছিল ৷

Related News