NORTHEAST NOW (Assamese)
Popular Stories

স্বামী ‘এক্সচেঞ্জ’! দুই ভগ্নীৰ অদ্ভুত দাবীত চকু কপালত উঠিল উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 2, 2026 9:04 am

এজন লোকে তেওঁৰ পত্নী আৰু কন্যাক অপহৰণ কৰাৰ অভিযোগ উত্থাপন কৰি মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ত বন্দী প্ৰত্যক্ষীকৰণ (হাবিয়াছ কৰ্পাছ) গোচৰ ৰুজু কৰিছিল। কিন্তু আদালতত পত্নীয়ে দিয়া বক্তব্যই ন্যায়াধীশৰ চকু কপালত তুলিলে! গোৱালিয়ৰৰ বিচাৰপীঠত থিয় হৈ দুয়োগৰাকী ভগ্নীয়ে ক’লে যে তেওঁলোকে নিজৰ মাজত স্বামী ‘সাল-সলনি’ কৰিব বিচাৰে!

আদালতৰ সূত্ৰ অনুসৰি অভিযোগকাৰীজন দতিয়াৰ বাসিন্দা। তেওঁৰ পত্নী আৰু কন্যাক তেওঁৰ বায়েকৰ স্বামী মায়াৰমে অপহৰণ কৰাৰ অভিযোগ উত্থাপন কৰিছিল। ইয়াৰ পিছতে মহিলাগৰাকীক আদালতত হাজিৰ কৰিবলৈ আৰক্ষীক নিৰ্দেশ দিয়া হয়।

কিন্তু আদালতত থিয় হৈ মহিলাগৰাকীয়ে স্পষ্টকৈ উল্লেখ কৰিছিল যে তেওঁক কোনেও অপহৰণ কৰা নাই। স্বেচ্ছাই মায়াৰামৰ লগত থাকি ইতিমধ্যে স্বামীৰ পৰা বিবাহ বিচ্ছেদ বিচাৰি আইনী ব্যৱস্থা গ্ৰহণ কৰিছে।

আটাইতকৈ আচৰিত কথাটো আহিল ইয়াৰ পিছত। মায়াৰামৰ পত্নীয়ে (মহিলাগৰাকীৰ ভগ্নী) আদালতত কয় যে বাইদেও স্বামীৰ লগত থাকিলে তেওঁৰ কোনো আপত্তি নাই। তাৰ পৰিৱৰ্তে তেওঁ বায়েকৰ গিৰিয়েকৰ সৈতে সংসাৰ কৰিব বিচাৰে! দুয়োগৰাকী ভগ্নীয়ে নিজৰ নিজৰ পৰিয়ালত অসুখী বুলি কয়। সেয়ে স্বামী সলনি কৰি সংসাৰ কৰাব বিচাৰে।

এই স্বীকাৰোক্তিৰ পিছত আদালতে কয় যে দুয়োগৰাকী মহিলা প্ৰাপ্তবয়স্ক আৰু তেওঁলোকে নিজৰ সিদ্ধান্ত নিজে ল’ব পাৰে। এয়া সম্পূৰ্ণ পাৰিবাৰিক বিষয়। ই কোনো অপৰাধমূলক ঘটনা নহয়।

এই পৰ্যবেক্ষণৰ ভিত্তিত উচ্চ ন্যায়ালয়ে হাবিয়াছ কৰ্পাছৰ গোচৰটো খাৰিজ কৰে। অৱশ্যে অৱশেষত পৰিয়াল দুটাই কি সিদ্ধান্ত গ্ৰহণ কৰিলে সেয়া এতিয়াও জানিব পৰা হোৱা নাই।