NORTHEAST NOW (Assamese)

উচ্চতৰ মাধ্যমিক পৰীক্ষা-২০১৯ ৰ ফলাফল : কলা শাখাত দুটা স্থান দখলেৰে সাফল্য কৃষ্ণগুৰু কণিষ্ঠ মহাবিদ্যালয়ৰ

May 25, 2019 1:17 pm · পুলেন্দ্ৰ দাস
শিক্ষাগুৰুৰ সৈতে জগমোহন কলিতা আৰু কৃপাময় দাস

আজি ঘোষিত উচ্চতৰ মাধ্যমিক কলা শাখাৰ  পৰীক্ষাৰ ফলাফলত জিলিকি উঠিল বৰপেটা জিলাৰ আধ্যাত্মিক সাধনাৰ কেন্দ্ৰ বিন্দু নসত্ৰৰ কৃষ্ণগুৰু কণিষ্ঠ মহাবিদ্যালয়৷

মহাবিদ্যালয়খনৰ দুই কৃতিমান ক্ৰমে জগমোহন কলিতা আৰু কৃপাময় দাসে ৰাজ্যৰ ভিতৰত পঞ্চম আৰু দশম স্থান লাভ কৰি আধ্যাত্মিক জ্ঞান দিয়া  কৃষ্ণগুৰু কণিষ্ঠ মহাবিদ্যালয়ৰ নাম উজ্বলাবলৈ সক্ষম হয়৷

জগমোহন কলিতাই ৯৪ শতাংশ হাৰেৰে ৪৭০ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়। তেওঁ  অসমীয়াত ৯৭, ইংৰাজীত ৯৩, তৰ্কত ৯৭, ৰাজনীতি  বিজ্ঞানত ৯৪, সমাজ বিজ্ঞানত ৯৭ আৰু অৰ্থনীতিত ৭০ নম্বৰ লাভ কৰে৷

আনহাতে কৃপাময় দাসে ৯২.৮ শতাংশ হাৰেৰে মুঠ ৪৬৪ নম্বৰ লাভ কৰে। তেওঁ  অসমীয়াত ৯৭, ইংৰাজীত ৮৪ , তৰ্কত ৯৭, শিক্ষাত ৯৭, সমাজ বিজ্ঞানত ৮৯ আৰু অৰ্থনীতিত ৭১ নম্বৰ নম্বৰ লাভ কৰি নাম শিক্ষানুষ্ঠানখনৰ লগতে অঞ্চলটোলৈ নাম সুনাম কঢ়িয়াবলৈ সক্ষম হয়৷

দুয়োগৰাকী মেধাৱী ছাত্ৰই তেওঁলোকৰ সাফল্যৰ বাবে পিতৃ-মাতৃ আৰু শিক্ষাগুৰু সকলৰ অৱদানক প্ৰধান কৃতিত্ব প্ৰদান কৰাৰ লগতে বন্ধু-বান্ধৱৰ সহায়-সহযোগিতাৰ কথাও উল্লেখ কৰে।

ছাত্ৰ দুগৰাকীৰ এই সাফল্যত স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে কৃষ্ণগুৰু সেৱাশ্ৰমৰ  ভকতৰ সমূহৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী, বিদ্যালয় কৰ্তৃপক্ষ আৰু অভিভাৱকসকল ৷

Related News