NORTHEAST NOW (Assamese)

শ্ৰীনগৰত নিৰাপত্তাৰক্ষী বাহিনীৰ গুলিত দুজন সন্ত্ৰাসবাদী নিহত

October 12, 2020 5:27 pm · এন ই নাও নিউজ

জম্মু-কাশ্মীৰৰ ৰাজধানী শ্ৰীনগৰত সোমবাৰে ৰাতিপুৱা নিৰাপত্তাৰক্ষী বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত হোৱা সংঘৰ্ষত দুজন সন্ত্ৰাসবাদীৰ মৃত্যু হয়।

কাশ্মীৰৰ আই জি বিজয় কুমাৰ জনোৱা মতে, নিৰাপত্তাৰক্ষী বাহিনীৰ গুলিত মৃত্যু হোৱা সন্ত্ৰাসবাদী দুজনৰ ভিতৰত এজন বিদেশী সন্ত্ৰাসবাদী আৰু আনজন স্থানীয় সন্ত্ৰাসবাদী।

আনহাতে, মৃত্যু হোৱা সন্ত্ৰাসবাদী দুজনৰ ভিতৰত এজন বিগত ছেপ্তেম্বৰ মাহত কাশ্মীৰত চি আৰ পি এফৰ দলৰ ওপৰত কৰা আক্ৰমণৰ সৈতে জড়িত আছিল।

ভাৰতীয় সেনা, চি আৰ পি এফ আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ সন্মিলিত দলে কৰা আক্ৰমণত মৃত্যু হোৱা সন্ত্ৰাসবাদী দুজনৰ পৰা দুটা এ কে চিৰিজৰ ৰাইফল আৰু ভালেসংখ্যক সজীৱ গুলি উদ্ধাৰ কৰা হয়।

উল্লেখযোগ্য যে, ১০ অক্টোৱৰতো নিৰাপত্তাৰক্ষী বাহিনীয়ে কাশ্মীৰত দুজন সন্ত্ৰাসবাদীক গুলিয়াই হত্যা কৰিছিল।

Related News