NORTHEAST NOW (Assamese)

দেওবাৰে পুৱাই ৰক্তাক্ত দিল্লী; দুৰ্বৃত্তৰ গুলীত নিহত দুই যুৱতী ভগ্নী

June 18, 2023 12:43 pm · এন ই নাও নিউজ, নতুন দিল্লী

দেওবাৰে পুৱাই দক্ষিণ দিল্লীত দুগৰাকী যুৱতীক গুলীয়াই হত্যা কৰে এজন দুৰ্বৃত্তই। আৰক্ষীৰ তথ্য অনুসৰি আৰ কে পুৰম অঞ্চলত যুৱতী দুগৰাকীৰ ককায়েকক বিচাৰি আহিছিল দুৰ্বৃত্তই। কিন্তু তেওঁক বিচাৰি নাপাই দুই ভগ্নীকে গুলীয়াই পলাই যায়। এনে ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে, নিহত যুৱতী দুগৰাকী হৈছে পিংকি আৰু জ্যোতি। তেওঁলোকৰ বয়স ক্ৰমে ৩০ আৰু ২৯ বছৰ। দিল্লীৰ ডঃ আম্বেদকাৰ বস্তিত তেওঁলোকৰ ঘৰ।

লগতে পঢ়ক: অদ্ভুত ঘটনা! আৰ বি আইৰ পৰা অন্তর্ধান ৮৮০৩২ কোটি টকাৰ ৫০০ টকীয়া নোট

দেওবাৰে কাহিলী পুৱা প্ৰায় ৪:৪০ বজাত দুৰ্বৃত্তই আক্ৰমণ কৰে। ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে দুয়োকে মৃত বুলি ঘোষণা কৰে। ইতিমধ্যে আৰক্ষীয়ে হত্যাৰ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।

দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালে মৃতকৰ পৰিয়ালৰ সৈতে শোক প্ৰকাশ কৰি এই ঘটনাৰ বাবে কেন্দ্ৰক দোষাৰোপ কৰে।

তেওঁৰ ভাষাত “দিল্লীত আইন-শৃংখলা চোৱাচিতাৰ দায়িত্বত থকা সকলে অঞ্চলটোৰ আইন-শৃংখলাৰ পৰিস্থিতি উন্নত কৰাৰ পৰিৱৰ্তে দিল্লী চৰকাৰ দখল কৰাৰ ষড়যন্ত্ৰ কৰিছে। উপ-ৰাজ্যপালৰ সলনি আপে আইন-শৃংখলাৰ দায়িত্ব লোৱা হ’লে দিল্লী বহুত নিৰাপদ স্থান হ’লহেঁতেন।”

Related News