NORTHEAST NOW (Assamese)

কৰ’না কালত চুম্বন বিপৰ্যয়! চুমা কেলেংকাৰীত ব্ৰিটেইনৰ স্বাস্থ্যমন্ত্ৰী মেট হেনককৰ পদত্যাগ

June 27, 2021 9:31 am · এন ই নাও নিউজ
ব্ৰিটেইনৰ স্বাস্থ্যমন্ত্ৰী মেট হেনকক আৰু বান্ধৱী গিনা ক’লড্যাংগেল।

কৰ’না ভাইৰাছৰ বিধি-নিৰ্দেশনা উলংঘা কৰি ব্ৰিটেইনৰ স্বাস্থ্য মন্ত্ৰ্যালয়ৰ বিষয়া তথা বান্ধৱী গিনা ক’লড্যাংগেলক সাৱটি ধৰি চুমা খোৱা ঘটনাত ক্ষমা বিচাৰি অৱশেষ পদত্যাগ কৰিলে দেশখনৰ স্বাস্থ্যমন্ত্ৰী মেট হেনককে।

শনিবাৰে প্ৰধানমন্ত্ৰী বৰিছ জনছনলৈ এখন পত্ৰ লিখি পদত্যাগ কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে।

মেট হেনককৰ পদত্যাগৰ পাছত দেশখনৰ মন্ত্ৰীসভাত স্থান লাভ কৰিছে পাকিস্তানী বংশোদ্ভৱ ৰাজনীতিক ছাজিদ জাভিদে। ইয়াৰ পূৰ্বে তেওঁ বিত্ত আৰু গৃহ বিভাগৰ দায়িত্ব চম্ভালিছিল যদিও প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ সৈতে মতবিৰোধৰ বাবে পদত্যাগ কৰিবলগা হৈছিল।

উল্লেখ্য যে যোৱা ৬মে’ত দেশখনৰ দৈনিক কাকত দ্য ছান-ত এখন ছবি প্ৰকাস পাইছিল। তাত দেশখনৰ স্বাস্থ্য মন্ত্ৰ্যালয়ৰ শীৰ্ষ পদবীধাৰী গিনা ক’লড্যাংগেলক  সাৱটি ধৰি স্বাস্থ্যমন্ত্ৰী মেট হেনককে গালত চুমা খাই থকা দেখা গৈছিল।

প্ৰথম অৱস্থাত ছবিখনে বিশেষ প্ৰভাৱ পেৱলোৱা নাছিল যদিও পাছত মেট হেনকক আৰু গিনা ক’লড্যাংগেলক লৈ দেশখনৰ আন বহু কাকত-আলোচনীত মুখৰোচক প্ৰতিবেদন প্ৰকাশ পাবলৈ ধৰে।

দেশখনত চলি থকা কৰ’নাৰ কঠোৰ বাধা-নিষেধৰ মাজতে ছবিখন প্ৰকাশ পোৱাত চৰকাৰৰ নেতাসকলে নিজেই নীতি-নিৰ্দেশনা নমনা বুলি দেশজুৰি চৰ্চা আৰম্ভ হয়।

অৱশেষত শলঠেকত পৰা চৰকাৰখনক বচাবলৈ মন্ত্ৰী পদ ত্যাগ কৰিবলগীয়া হ’ল মেট হেনককে।

মেট হেনকক আৰু গিনা ক’লড্যাংগেলৰ মাজত বন্ধুত্ব দীৰ্ঘদিনীয়া। দুয়োগৰাকীয়ে অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ত পঢ়ি থকাৰ সময়ত এটা ৰেডিঅ’ ষ্টেশ্যনত অংশকালীন চাকৰি কৰিছিল। সেই সময়ৰে পৰা দুয়োৰে মাজত ঘনিষ্ঠতা গঢ়ি উঠিছিল।

Related News