NORTHEAST NOW (Assamese)

ম্যানমাৰৰ বিৰুদ্ধে বাণিজ্যিক নিষেধাজ্ঞা জাৰি কৰিলে আমেৰিকাই

March 5, 2021 4:50 pm · এন ই নাও নিউজ
Updated: March 5, 2021 5:40 pm

চূড়ান্ত অগণতান্ত্ৰিক মনোভাবৰ পৰিচয় দি প্ৰায় এমাহৈ পূৰ্বে ম্যানমাৰৰ শাসনৰ বাঘজৰী হস্তগত কৰা জুণ্টা  প্ৰশাসনৰ বিৰুদ্ধে অধিক কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ অগ্ৰসৰ হৈছে আমেৰিকা।

সেইমৰ্মে আমেৰিকাই আজি ম্যানমাৰৰ গৃহ দপ্তৰ আৰু প্ৰতিৰক্ষা দপ্তৰৰ বিৰুদ্ধে জাৰি কৰিছে অৰ্থনৈতিক নিষেধাজ্ঞা।

নিষেধাজ্ঞা জাৰি কৰাৰ ফলত আমেৰিকাই এতিয়াৰে পৰা ম্যানমাৰলৈ প্ৰতিৰক্ষা সম্পৰ্কীয় কোনো সামগ্ৰী প্ৰেৰণ নকৰে। আজি হোৱাইট হাউচৰ এক শীৰ্ষ সূত্ৰই প্ৰকাশ কৰা মতে মাৰ্কিন প্ৰশাসনে ম্যানমাৰৰ দুটা কোম্পানী ক্ৰমে ম্যানমাৰ ইক’ন’মিক কৰ্প’ৰেছন আৰু ম্যানমাৰ ইক’ন’মিক পাব্লিক হোল্ডিংছ নামৰ কোম্পানী দুটাক ব্লেক লিষ্টেড কৰিছে।

চিকিৎসা সামগ্ৰীৰ বাবে আমেৰিকাই ম্যানমাৰলৈ আন কোনো সামগ্ৰী ৰপ্তানি নকৰে বুলিও আজি হোৱাইট হাউচৰ সূত্ৰটোৱে স্পষ্ট কৰি দিয়ে।উল্লেখ্য সামৰিক অভ্যুত্থানৰ পিছত ক্ৰমাৎ ৰক্তাক্ত হৈ পৰিছে ম্যানমাৰ।

হোৱাইট হাউচৰ সূত্ৰটোৱে লগতে কয় যে আমেৰিকাৰ বেংকত থকা  সেনা শাসক আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যৰ বেংক একাউণ্ট জব্দ কৰা হ’ব ।

গণতন্ত্ৰৰ পুনৰ প্ৰতিষ্ঠা আৰু নেত্ৰী আন চাং চ্যু ক্যীসহ অন্যান্য কাৰাবান্দীসকলৰ মুক্তিৰ দাবীত যোৱা এমাহে নিৰন্তৰভাৱে চলি থকা গণতান্ত্ৰিক বিক্ষোভকাৰীৰ ওপৰত গুলীচালনা অব্যাহত ৰাখিছে জুণ্টাই।

এতিয়ালৈকে ম্যানমাৰত আৰক্ষীৰ গুলীত  ৩৮ গৰাকী প্ৰতিবাদকাৰীৰ মৃত্যু হৈছে। আৰক্ষী আৰু সেনা বাহিনীয়ে প্ৰতিবাদকাৰীৰ ওপৰত মুক্তভাৱে কৰা গুলীচালনাৰ ফলতেই এই প্ৰতিবাদকাৰীসকলৰ মৃত্যু হৈছে।

সেনা-আৰক্ষীয়ে প্ৰতিবাদাকীৰৰ ওপৰত গুলীচালনা অব্যাহত ৰাখিলেও দিনক দিনে প্ৰতিবাদৰ প্ৰাৱল্য বৃদ্ধি পাইছে পাহাৰীয়া দেশখনত।

সামৰিক বাহিনীৰ ৰঙা চকুলৈ কেৰেপ নকৰি দেশখনৰ প্ৰতিখন চহৰতে হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে অংশগ্ৰহণ কৰি গণতন্ত্ৰৰ পুনঃপ্ৰতিষ্ঠাৰ আন্দোলনটোক ব্যাপক কৰি তোলা পৰিলক্ষিত হৈছে।

ইফালে ম্যানমাৰৰ শেহতীয়া পৰিস্থিতিকলৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ লগতে বিশ্ব সম্প্ৰদায়েও।

Related News