NORTHEAST NOW (Assamese)

ওদালগুৰিত চিকিৎসক, স্বাস্থ্যকৰ্মীসহ ১৬ গৰাকী কোভিড পজিটিভ

June 29, 2020 10:38 am · ছাজিদ খান
Updated: June 29, 2020 10:39 am

দেওবাৰে ওদালগুৰি জিলাত ১৬ গৰাকীকৈ ব্যক্তিৰ দেহত কোভিড-১৯ ধৰা পৰাত জিলা প্ৰশাসন সতৰ্ক হৈ উঠিছে।

ক’ৰ’না ভাইৰাছ ধৰা পৰা এই ১৬ গৰাকী ব্যক্তিৰ ভিতৰত টংলা সামূহিক স্বাস্থ্য কেন্দ্ৰৰ এগৰাকী চিকিৎসক আৰু হৰিশিঙাৰ এগৰাকী এন এইচ এম স্বাস্থ্য কৰ্মীও আছে। বাকি ১৪ গৰাকী ব্যক্তি এটা কুৱাৰেণ্টাইন কেন্দ্ৰত আছিল।

জিলাখনৰ এগৰাকী শীৰ্ষ স্বাস্থ্য বিষয়াই এই কথা জানিবলৈ দি কয়, ‘যদিও চিকিৎসাকৰ্মী সকলৰ স্বাব চেম্পল সংগ্ৰহ কৰা হৈছিল আমি টংলা চি এইচ চিৰ কৰ্মচাৰীসকলৰ স্বাব চেম্পল পুনৰ সংগ্ৰহ কৰি পৰীক্ষা কৰাম।‘

‘কোভিড-১৯ত আক্ৰান্ত হোৱা চিকিৎসক গৰাকী যকৃটৰ ৰোগত ভুগি আছে’ বিষয়া গৰাকীয়ে লগতে কয়।

ইপিনে জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে দেওবাৰে নিশা টংলা সামূহিক স্বাস্থ্য কেন্দ্ৰটোক কনটেনমেণ্ট জ’ন হিচাপে ঘোষণা কৰে।

Related News