NORTHEAST NOW (Assamese)
Popular Stories

নতুন ক’ৰ’ণা ষ্ট্ৰেইনৰ আতংকই কঁপাইছে ব্ৰিটেইন : ঘৰে ঘৰে কৰা হৈছে কোভিড টেষ্ট

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 4, 2021 12:17 pm
index.jpgk

আতংকত কঁপি উঠিছে ব্ৰিটেইন। দ্ৰুতভাৱে চৰিত্ৰ সলনি কৰিছে ব্ৰিটেইনৰ ক’ৰ’ণা ষ্ট্ৰেইনে।

ব্ৰিটেইন আৰু দক্ষিণ আফ্ৰিকাৰ ক’ৰ’ণাৰ ষ্ট্ৰেইনে দ্ৰুতভাৱে চৰিত্ৰ সলনি কৰি তড়িৎ গতিৰে সংক্ৰমণ ঘটা বুলি প্ৰকাশ পাইছে। আনকি ক’ৰ’ণা ভেকিচনেও কাবু কৰিব পৰা এই ক’ৰ’ণা ষ্ট্ৰেইনক।

বিজ্ঞানীসকেল ই২৮৪কে নামেৰে চিহ্নিত কৰা এই ক’ৰ’ণা ষ্ট্ৰেইনে আক্ৰান্তৰ শৰীৰত কোনো ধৰণৰ উপসৰ্গ বা লক্ষণ ফুটি নুঠিব পাৰে বুলি সতৰ্ক কৰি দিছে।

আফ্ৰিকা আৰু ব্ৰিটেইনৰ দুয়োটা ষ্ট্ৰেইন মিউটেশ্যন ঘটি সৃষ্ট এই ক’ৰ’ণা ষ্ট্ৰেইনে ইতিমধ্যে ক’ৰ’ণা আক্ৰান্ত হৈ সুস্থ হোৱা লোকৰ শৰীৰতো ক্ষীপ্ৰ গতিৰে সংক্ৰমণ ঘটাৰ ক্ষমতা আছে বুলি প্ৰকাশ কৰিছে বিজ্ঞানীসকলে।

ইফালে ই২৮৪কেৰ প্ৰাদুৰ্ভাৱৰ ফলত শংকিত ব্ৰিটেইনত স্বাস্থ্য কৰ্মীয়ে ঘৰে ঘৰে গৈ কোভিড টেষ্ট কৰিছে। যোৱা মংগলবাৰৰ পৰা এই অভিযান আৰম্ভ হৈছে ব্ৰিটেইনত।

ইফালে ব্ৰিটেইনৰ যিসমূহ ঠাইত এই ষ্ট্ৰেইন প্ৰথম আবিৰ্ভাৱ হৈছিল সেই ঠাইসমূহত মানুহৰ পাৰস্পৰিক মিলা মিছা বন্ধ কৰাৰ নিৰ্দেশ দিছে ব্ৰিটেইন চৰকাৰে। আনকি লক্ষণ দেখা দিয়া নিদিয়া সকলো লোকৰে কোভিড পৰীক্ষা কৰা হৈছে।

কোভিড উপসৰ্গই দেখা দিয়া লোকক শীঘ্ৰেই নিজ ঘৰতে দ্ৰুতভাৱে কোভিড পৰীক্ষা সম্পন্ন কৰাৰ ব্যৱস্থা কৰা হৈছে।

সমীক্ষাৰ মতে পূৰ্বতে আক্ৰান্ত হোৱা ৯ শতাংশ লোক এই নতুন ক’ৰ’ণা ষ্ট্ৰেইনত আক্ৰান্ত হৈছে।