NORTHEAST NOW (Assamese)

‘মই লুকাই থকা নাই’: সামাজিক মাধ্যমত নিজৰ অৱস্থান শ্বেয়াৰ জেলেনস্কিৰ

March 8, 2022 11:19 am · এন ই নাও নিউজ, গুৱাহাটী

দেশ এৰি পলাই যোৱা বুলি চলা প্ৰচাৰৰ পাছতে সামাজিক মাধ্যমৰ জনপ্ৰিয় চাইট ইনষ্টাগ্ৰামৰ এটা পোষ্টৰ যোগেদি নিজৰ অৱস্থান শ্বেয়াৰ কৰিছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে।

এটা ভিডিঅ’ যোগে আত্মপ্ৰকাশ কৰি জেলেনস্কিয়ে কয় যে তেওঁ লুকাই থকা নাই আৰু তেওঁ কাকো ভয় নকৰে।

পোষ্টটোত তেওঁ লিখে, “মই কিয়েভৰ বাঙ্কোভা ষ্ট্ৰীটত আছো। মই লুকাই থকা নাই। আৰু মই কাকো ভয় নকৰোঁ। আমাৰ এই দেশপ্ৰেমমূলক যুদ্ধত জয়লাভ কৰিম।”

২৪ ফেব্ৰুৱাৰীত ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে যুদ্ধ ঘোষণা কৰাৰ পিছত শেহতীয়াকৈ জেলেনস্কি তিনিবাৰকৈ শত্ৰুৰ দ্বাৰা হত্যাৰ প্ৰচেষ্টাৰ সন্মুখীন হৈছে বুলি প্ৰকাশ পাইছিল।

ৰাষ্ট্ৰপতি জেলেনস্কিয়ে ভিডিঅ’টোত কয়, “আজি আমাৰ সংগ্ৰামৰ ১২ তম নিশা। আমি সকলো দেশৰ মাটিত আছো। আমি সকলোৱে কাম কৰি আছো। মই কিয়েভত আছো, মোৰ দল মোৰ সৈতে আছে।”

 

 

View this post on Instagram

 

A post shared by Володимир Зеленський (@zelenskiy_official)

ৰাছিয়াৰ বিৰুদ্ধে যুদ্ধত ইউক্ৰেইনৰ সশস্ত্ৰ বাহিনীৰ সেৱাৰ বাবে তেওঁলোকক জেলেনস্কিয়ে ধন্যবাদ জনায়। লগতে এই যুদ্ধত ইউক্ৰেইন বিজয়ী হ’ব বুলি তেওঁ পুনৰ দোহাৰে।

উল্লেখ্য যে কিছুদিন পূৰ্বে ৰাছিয়াই ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে দেশ এৰি পোলেণ্ডলৈ পলায়ন কৰিছে বুলি প্ৰচাৰ চলাইছিল। ইয়াৰ পাছতে জেলেনস্কিয়ে এইদৰে আত্মপ্ৰকাশ কৰি ৰাছিয়াৰ দাবী মিছা প্ৰতিপন্ন কৰে।

Related News