NORTHEAST NOW (Assamese)

আলফা (স্বাঃ) দুৰ্ধষ কেডাৰ কেপ্তেইন হিমালয় অসমক সেনা-আৰক্ষীৰ অভিযানত জাগুন টিংকুপানী সংৰক্ষিত বনাঞ্চলত গ্ৰেপ্তাৰ

October 16, 2021 7:10 pm ·
Updated: October 16, 2021 7:14 pm

তিনিচুকীয়া জিলাৰ অসম অৰুণাচল সীমামূৰীয়া অঞ্চল সমূহত অব্যাহত আছে উগ্ৰপন্থী বিৰোধী অভিযান।

আজি অসম আৰক্ষী আৰু ১৯ নং আসাম ৰাইফলছৰ এটা অভিযানকাৰী দলে মাৰ্ঘেৰিটা মহকুমাৰ জাগুনৰ টিংকুপানী সংৰক্ষিত বনাঞ্চলত এক অভিযান চলাই আলফা স্বাধীনৰ দুৰ্ধষ কেডাৰ কেপ্তেইন যোগেন মিলি (৪৬) ওৰফে হিমালয় অসমক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

আলফা স্বাধীনৰ সদস্য গৰাকীয়ে ১৯৯৬ চনতে আলফাত যোগদান কৰিছিল। সদস্য গৰাকী শাৰীৰিক ভাবে অসুস্থতাৰ বাবে চিকিৎসাৰ কাৰণে ওলাই আহিছিল। সেই সময়তে অসম ৰাইফলছ আৰু অসম আৰক্ষীয়ে সদস্য গৰাকীক প্ৰেপ্তাৰ কৰে।

আলফা স্বাধীনৰ সদস্য গৰাকীৰ পৰা কোনো ধৰণৰ আপত্তিজনক সামগ্ৰী তথা নথি-পত্ৰ উদ্ধাৰ হোৱা নাই যদিও সদস্য গৰাকীৰ গ্ৰেপ্তাৰত আলফা স্বাধীনত এক প্ৰকাৰে মোক্ষম আঘাত পৰিছে বুলি সূত্ৰত প্ৰকাশ।

আলফা সদস্য গৰাকীয়ে ম্যানমাৰত থকা আলফাৰ GHQৰ পৰা স্বাস্থ্যজনিত কাৰণত শিবিৰ এৰি অহাৰ বিপৰিতে নিজ পত্নী কন্যাক ম্যানমাৰতে এৰি থৈ আহিছে শিবিৰত।

আটকাধীন সদস্য গৰাকীক অধিক তথ্য লাভৰ বাবে অসম আৰক্ষীয়ে তিনিচুকীয়ালৈ লৈ যায়।

Related News