NORTHEAST NOW (Assamese)

আলফা (স্বাঃ)ৰ প্ৰতিক্ৰিয়া : সংগঠনৰ সৈতে জড়িত নহয় আৰক্ষীয়ে আটক কৰা এজনো লিংকমেন

November 25, 2018 11:37 am · এন ই নাও নিউজ

শেহতীয়াকৈ অসম আৰক্ষীয়ে আলফা স্বাধীনৰ সৈতে জড়িত থকাৰ সন্দেহত আটক কৰা লিংকমেন কেইজনৰ এজনো সংগঠনটোৰ সৈতে জড়িত নহয় বুলি আজি স্পষ্ট কৰি দিয়ে আলফা স্বাধীনে।

সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা আলফাৰ পত্ৰখন

আলফা স্বাধীনৰ প্ৰচাৰ বিভাগৰ সদস্য ৰুমেল অসমে আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এখন পত্ৰৰ জৰিয়তে এই কথা স্পষ্ট কৰিছে।

পত্ৰখনত কোৱা হৈছে যে ‘’নিজৰ দুৰ্নীতি ও ব্যৰ্থতা ঢকাৰ অপচেষ্টাৰ অংশ স্বৰূপে অসম আৰক্ষীয়ে সমগ্ৰ অসম জুৰি আলফা (স্বাধীন) বিৰোধী অভিযানৰ নামত গণ গ্ৰেপ্তাৰ কাৰ্যসূচী অব্যাহত ৰাখিছে।‘’

সংগঠনটোৱে এই কাৰ্যক গৰিহনা দিয়াৰ লগতে ‘’এয়া অসম আৰক্ষীয়ে অসমৰ সাধাৰণ ৰাইজক সন্ত্ৰাসিত কৰাৰ এক অপকৌশল’’ বুলি অভিহিত কৰিছে।

পত্ৰখনৰ জৰিয়তে সংগঠনটোৱে লগতে বেংক বিষয়া জুনু শৰ্মাৰ হত্যাকাণ্ডৰ সন্দৰ্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা অৰূপ দাস কোনোকালে আলফা (স্বাধীন)ৰ সদস্য নাছিল বুলি স্পষ্ট কৰি দিয়ে।

শেহতীয়াভাৱে আলফা স্বাধীনৰ উত্থানৰ পাছত আৰক্ষীয়ে গ্ৰহণ কৰা তৎপৰতা সন্দৰ্ভত সংগঠনটোৱে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এই পত্ৰখন আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰে।

Related News