NORTHEAST NOW (Assamese)

শিৱসাগৰৰ ডিমৌত নিষিদ্ধ হ’ব পাৰে এ এছ টি চিৰ অধীনৰ বাছৰ অৱস্থান!

August 11, 2018 5:27 pm · হিতোজ্জ্বল চেতিয়া

শিৱসাগৰৰ ডিমৌত এ এছ টি চিৰ অধীনৰ বাছ ৰখোৱা নিষিদ্ধ হ’ব পাৰে! শিৱসাগৰ নগৰৰ পৰা তিনিচুকীয়া, ডিব্ৰুগড়, মৰাণ অভিমুখী এ এছ টি চিৰ বাছসমূহে ডিমৌলৈকে যাত্ৰীক উঠিবলৈ নিদিয়াৰ পৰিণামৰূপে ডিমৌত এইসমূহ বাছ ৰখোৱাত বাধা দিয়া হ’ব বুলি হুংকাৰ দিছে বৃ্হত্তৰ অসমীয়া যুৱ মঞ্চই।

বাছৰ পৰিচালক, হেণ্ডিমেনসকলক তেনে কাৰ্য্যৰ পৰা বিৰত থাকিবলৈ সকীয়াই দি সংগঠনটোৰ ডিমৌ আঞ্চলিক নগৰ সমিতিয়ে। ‘অন্যথা পৰিবহণ নিগমৰ বাছসমূহ ডিমৌত ৰোৱাত বাধা প্ৰদান কৰিম,’ ঘোষণা সমিতিৰ সভাপতি যদুমণি কলিতা আৰু ভাৰপ্রাপ্ত সচিবপ্ৰধান যাদৱ বৰুৱাৰ।

এই সকীয়নিৰে ইতিমধ্যে যোৱা ৭ আগষ্টত জিলা উপায়ুক্তক এক স্মাৰক পত্ৰও প্ৰদান কৰিছে সংগঠনটোৱে। শিৱসাগৰ নগৰৰ নিগমৰ আস্থানত ডিমৌৰ যাত্ৰীয়ে সন্মুখীন হোৱা আলৈ-আথানি সন্দৰ্ভত বিহিত পদক্ষেপ গ্ৰহণ কৰিবৰ বাবে স্মাৰক পত্ৰযোগে জিলা উপায়ুক্তক আহ্বান জনাইছে সংগঠনটোৱে।

ডিমৌলৈ আহিব খোজা যাত্ৰীক বাছত উঠিবলৈ লোৱাৰ সময়তে আগচি ধৰি ডিমৌলৈ নিয়া নহ’ব, ছিট দিয়া নহ’ব ইত্যাদি কৈ বহুত দিনৰ পৰাই দুৰ্ব‍্যৱহাৰ কৰাৰ লগতে গাড়ীত উঠিবলৈ নিদিয়া বুলি সংগঠনটোৱে অভিযোগ কৰিছে।

Related News