NORTHEAST NOW (Assamese)

ধুবুৰীত মৃত্যু বাংলাদেশী ব্যক্তিৰ

July 2, 2020 11:07 pm · মুকেশ কুমাৰ সিং
মৃত বকুল মিঞা।

এগৰাকী বাংলাদেশী ব্যক্তিৰ বুধবাৰে ধুবুৰী অসামৰিক চিকিৎসালয়ত মৃত্যু হৈছে।

বকুল মিঞা (৫৭) নামৰ মৃত ব্যক্তিজন ধুবুৰী কাৰাগাৰত যোৱা ৬ মে’ৰ পৰা বন্দী হৈ আছিল।

মিঞা লকডাউনৰ নিয়ম উলংঘা কৰা বাবে ধুবুৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ২৬গৰাকী বাংলাদেশী ব্যক্তিৰ এজন আছিল।

মঙলবাৰে মিঞাক উন্নত চিকিৎসাৰ বাবে কাৰাগাৰৰ চিকিৎসকে ধুবুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছিল।

জানিব পৰা মতে কাৰাগাৰত তেওঁ কেইবাবাৰো বমি কৰিছিল আৰু তেওঁ উচ্চ ৰক্তচাপ ৰোগী আছিল।

ধুবুৰীৰ জিলা স্বাস্থ্য বিভাগৰ বিষয়াই জনোৱা মতে ব্যক্তিজনৰ পূৰ্বে স্বাব চাম্পল লোৱা হৈছিল আৰু ক’ভিড-১৯ পৰীক্ষাত তেওঁক নিগেটিভ পোৱা গৈছিল।

আৰক্ষীয়ে জনোৱা মতে বাংলাদেশী নাগৰিককেইগৰাকী টুৰিষ্ট ভিজা লৈ ভাৰতলৈ আহিছিল আৰু যোৰহাট আৰু শিৱসাগৰত তেওঁলোকে মাছমৰীয়াৰূপে কাম কৰিছিল।

লকডাউনৰ মাজতে তেওঁলোকে যোৰহাটৰ পৰা দুখন বাহনত নিজ দেশলৈ ঘূৰি যাবলৈ আহিছিল। কিন্তু ৩ মে’ত আৰক্ষীয়ে তেওঁলোকক গ্ৰেপ্তাৰ কৰিছিল।

মৃত মিঞাৰ ঘৰ বাংলাদেশৰ কুৰিগ্ৰাম জিলাৰ চিলমাৰি আৰক্ষী থানাৰ অন্তৰ্গত বেপাৰীপাৰাত।

জানিব পৰা মতে বাংলাদেশলৈ পঠোৱাৰ বাবে সাজু কৰিবলৈ ধুবুৰী অসামৰিক চিকিৎসালয়ৰ পৰা তেওঁৰ মৃতদেহ বৰপেটাৰ ফকৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে।

তেওঁৰ মৃতদেহ গতাই দিয়াৰ বাবে বাংলাদেশৰ কৰ্তৃপক্ষক জনোৱা হৈছে।

Related News