NORTHEAST NOW (Assamese)

কৃষি আইনত সৰ্বোচ্চ ন্যায়ালয়ৰ স্থগিতাদেশৰ পিছত আজি কেন্দ্ৰীয় কেবিনেটৰ বৈঠক

January 13, 2021 9:06 am · এন ই নাও নিউজ

নতুন কৃষি আইন কেইখনৰ ওপৰত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে ৰায়দান প্ৰদান কৰাৰ এদিন পিছত অৰ্থাৎ আজি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেট বৈঠক অনুষ্ঠিত হ’ব।

ভিডিঅ’ কনফাৰেন্সিঙৰ যোগেৰে বৈঠকৰ অধ্যক্ষতা কৰিব প্ৰধান মন্ত্ৰী মোদীয়ে।

জানিব পৰা মতে উচ্চতম ন্যায়ালয়ে কৃষি আইন তিনিখন ৰূপায়ণত স্থগিতাদেশ জাৰি কৰা সন্দৰ্ভত আজিৰ কেবিনেটত আলোচনা কৰিব।

ইয়াৰ উপৰি ব্যক্তিগত বিনিয়োগ বৃদ্ধিৰ বাবে খনি খণ্ডৰ সংশোধনৰ প্ৰস্তাৱৰ ওপৰতো বিবেচনা কৰাৰ সম্ভাৱনা আছে।

এটা সূত্ৰৰ পৰা জানিব পৰা অনুসৰি খনি আৰু খনিজ (বিকাশ আৰু অধিনিয়ম) আইন, ১৯৫৭-ত সংশোধনৰ প্ৰস্তাৱ দিয়া হৈছে।

ইয়াৰ পূৰ্বে সোমবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে কৈছিল যে ২০২২ চনৰ ভিতৰত ৫ ত্ৰিলিয়ন ডলাৰ অৰ্থনীতিৰ লক্ষ্য প্ৰাপ্ত কৰাত কয়লা খণ্ডই অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

তেওঁ লগতে কৈছিল যে বাণিজ্যিক কয়লা খননৰ নিলামে ক্ষুদ্ৰ মজলীয়া উদ্যোগবোৰক সহজে কয়লা প্ৰাপ্ত কৰাত সুবিধা প্ৰদান কৰিব।

Related News