NORTHEAST NOW (Assamese)
বাংলাদেশ

কেন্দ্ৰীয় পৰিষদৰ নিৰ্বাচনৰ সময়তে উত্তপ্ত বাংলাদেশ, নিহত ২৮ জন

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 12, 2021 8:06 pm
Union Parishad polls violence in Bangladesh leaves at least 28 dead

কেন্দ্ৰীয় পৰিষদৰ নিৰ্বাচনক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰিছে বাংলাদেশ। সমগ্ৰ দেশতে হিংসাত্মক ঘটনাত এতিয়ালৈকে কমেও ২৮ জন নিহত হৈছে। আহত হৈছে অসংখ্য লোক।

বৃহস্পতিবাৰে দ্বিতীয় পৰ্যায়ত ৮৩৫ খন ইউনিয়ন পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল। পুৱা ৮ বজাৰ পৰা আবেলি প্ৰায় ৪ বজালৈ ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল। কিন্তু সন্ধিয়া হোৱাৰ লগে লগে সমগ্ৰ দেশৰে কেইবাটাও অঞ্চলত হিংসাই গা কৰি উঠে। হিংসাত্মক পৰিস্থিতিৰ দমনৰ বাবে প্ৰশাসনে কঠোৰ পদক্ষেপ লৈছে যদিও নিৰ্বাচকেন্দ্ৰিক হিংসা সম্পূৰ্ণৰূপে বন্ধ কৰাত বিফল হৈছে।

ৰাজধানী ঢাকাৰ পৰা ৫৮ কিলোমিটাৰ দূৰত্বৰ নৰসিংদি জিলাত বৃহস্পতিবাৰে তিনিজন লোকক গুলীয়াই হত্যা কৰা হয়। নৰসিংদিত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত হোৱা হিংসাত্মক ঘটনাত সাতজন লোকে প্ৰাণ হেৰুৱাইছে। বনগাড়ী ইউনিয়নত বিৰোধীৰ আক্ৰমণত তিনিজন লোক নিহত হয়।

আনহাতে কক্সবজাৰ সদৰ উপজিলাৰ খুৰ্শকুল ইউনিয়নৰ ১নং ৱাৰ্ডৰ তেতয়া চৰকাৰী প্ৰাথমিক বিদ্যালয় কেন্দ্ৰত দুজন প্ৰাৰ্থীৰ সমৰ্থকৰ মাজত সংঘৰ্ষত এজন লোক নিহত হয়।

আৰক্ষীয়ে কৈছিল যে এই সময়ছোৱাত দুয়োপক্ষৰ মাজত সংঘৰ্ষত কমেও ১০ জন লোক আহত হৈছিল।