NORTHEAST NOW (Assamese)

অভূতপূৰ্ব! পাকিস্তানৰ এগৰাকী মহিলাই জন্ম দিলে একেলগে ৬ টাকৈ সন্তান

April 21, 2024 4:56 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী
Updated: April 21, 2024 5:12 pm

এটা বা দুটা নহয়, একেলগে ৬ টাকৈ সন্তান জন্ম দিছে পাকিস্তানৰ এগৰাকী মহিলাই। 

সংবাদ মাধ্যমৰ খবৰ অনুসৰি যোৱা ১৯ এপ্ৰিলত জিনাত ৱাহিদ নামৰ মহিলাগৰাকীয়ে একেলগে চাৰিটা পুত্ৰ আৰু দুটি কন্যা সন্তান জন্ম দিছে। এঘটাৰ ভিতৰতে আটাইকেইটা সন্তান জন্ম দিছে মহিলাগৰাকীয়ে। 

জানিব পৰা মতে প্ৰসৱৰ বেদনাত ভোগা মহিলাগৰাকীক বৃহস্পতিবাৰে নিশা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। 

চিকিৎসকে জনোৱা মতে মাতৃ আৰু সন্তান বৰ্তমান সুস্থ। হাস্পতালৰ জ্যেষ্ঠ চিকিৎসকন ফাৰ্জানাই জোৱা মতে নৱজাতকক কেইটিক ইনকিউবেটৰত ৰখা হৈছে। 

ইমানবোৰ সন্তান একেলগে জন্ম দিয়াটো অতি বিৰল। চিকিৎসকৰ মতে, ৪৫ লাখ মহিলাৰ ভিতৰত এগৰাকী মহিলাই হে একাধিক সন্তান জন্ম দিব পাৰে। 

উল্লেখ্য যে অস্ত্ৰোপচাৰৰ সময়ত কেইবাটাও সমস্যাৰ সৃষ্টি হোৱা বুলি চিকিৎসালয়ৰ অধীক্ষকে জানিবলৈ দিয়ে। কিন্তু সকলো সমস্যা নিয়ন্ত্ৰণ কৰিবলৈ চিকিৎসক সকল সক্ষম হয়। 

ৱাহিদা আৰু তেওঁৰ সন্তানৰ স্বাস্থ্য নিৰীক্ষণৰ বাবে এটা চিকিৎসকৰ দলো গঠন কৰা হৈছে বুলি চিকিৎসালয়ৰ অধীক্ষকে জানিবলৈ দিয়ে। চিকিৎসালয়ৰ সূত্ৰ অনুসৰি ৱাহিদাৰো কিছু শাৰীৰিক সমস্যা আছে। সেয়ে তেওঁ চিকিৎসাধীন হৈ আছে। অতি সোনকালে সুস্থ হৈ চিকিৎসালয়ৰ পৰা মাতৃ আৰু সন্তান ঘৰলৈ যাব পাৰিব বুলি জানিবলৈ দিয়ে হাস্পাতাল খনৰ চিকিৎসক সকলে।

Related News