NORTHEAST NOW (Assamese)
Popular Stories

‘বিলাহী খোৱা বন্ধ কৰক’, দাম হ্ৰাস কৰাৰ ক্ষিপ্ৰ সমাধান উত্তৰ প্ৰদেশৰ মন্ত্ৰীৰ! জনালে বিকল্পও

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী July 24, 2023 11:49 am

বিলাহী খোৱা বন্ধ কৰিলেই দাম কমি যাব। উত্তৰ প্ৰদেশৰ বিজেপি চৰকাৰৰ মন্ত্ৰী প্ৰতিভা শুক্লাই আকাশলংঘী বিলাহীৰ মূল্য হ্ৰাস কৰাৰ নিদান দিছে। তেওঁৰ মতে, যদি সকলোৱে বিলাহী সম্পূৰ্ণৰূপে বাদ দিয়ে, তেতিয়া স্বাভাৱিকভাৱে শাক-পাচলিৰ দাম কমি যাব। বৰঞ্চ বিলাহীৰ সলনি নেমু খাব পাৰি। ৰাজ্যখনৰ মন্ত্ৰীৰ এনে মন্তব্যই স্বাভাৱিকতে বিতৰ্কৰ সূচনা কৰিছে।

উত্তৰ প্ৰদেশৰ মহিলা উন্নয়ন ৰাজ্যিক মন্ত্ৰী প্ৰতিভাই দেওবাৰে এক বৃক্ষৰোপণ অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল। তাত তেওঁ আসাহি গাঁৱৰ নিউট্ৰিচন গাৰ্ডেনৰ কথা তুলি ধৰে। এই গাঁৱত মহিলাসকলে কিদৰে পুষ্টিকৰ শাক-পাচলি উৎপাদন কৰি আছে তাৰ উদাহৰণ তেওঁ দাঙি ধৰিলে। তাতেই বিলাহীৰ দামৰ বিষয়টো আহি পৰে। উত্তৰ প্ৰদেশৰ মন্ত্ৰীগৰাকীয়ে এই সমস্যাৰ সৈতে কেনেদৰে মোকাবিলা কৰিব লাগে তাৰ ক্ষিপ্ৰ সমাধানো আগবঢ়ায়।

লগতে পঢ়ক: এসপ্তাহ নৌহওতেই ভাঙি পৰিল মোদীয়ে উদ্বোধন কৰা ‘বীৰ সাৱৰকাৰ আন্তৰ্জাতিক বিমানবন্দৰ’ৰ ছাদ

তেওঁ কয়, “বিলাহীৰ দামটো সদায় বেছি, ইয়াত নতুন কি আছে? কিন্তু যদি সকলোৱে বিলাহী খোৱা বন্ধ কৰে তেন্তে বিলাহীৰ দাম নিজে নিজে কমি যাব। যিটো বস্তুৰ দাম বেছি, সকলোৱে মিলি সেইটো খোৱা বন্ধ কৰিলেই তাৰ দাম কমি যাব। এই ক্ষেত্ৰত বিলাহীৰ সলনি নেমু খাব পাৰি। আৰু তথাপি বিলাহী খাব বিচাৰিলে ঘৰতে খেতি কৰিব লাগিব।”

অৱশ্যে কেন্দ্রীয় চৰকাৰে বিলাহীৰ মূল্য হ্ৰাস কৰাৰ বাবে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে। মন্ত্ৰী অশ্বিনী কুমাৰ চৌবেয়ে কয় যে বিলাহীকে ধৰি ২২টা অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ দামত তীক্ষ্ণ দৃষ্টি ৰখা হৈছে। বহু চহৰত বিলাহী অতি কম দামত বিক্ৰী কৰা হৈছে বুলিও তেওঁ কয়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ মতে, পূৰ্বৰ তুলনাত বিলাহীৰ দাম বহু পৰিমাণে হ্ৰাস পাইছে।