NORTHEAST NOW (Assamese)

ভাইৰেল নেপালৰ ভিডিঅ’ক লৈ ইউটিউবাৰ অৰ্পিত শৰ্মাৰ বিৰুদ্ধে দেশদ্ৰোহৰ গোচৰ ৰুজু

September 14, 2025 12:27 pm · এন ই নাও নিউজ, গুৱাহাটী

চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅক লৈ উত্তৰ প্ৰদেশ আৰক্ষীয়ে বৃহস্পতিবাৰে (১১ ছেপ্টেম্বৰ) সামাজিক বিষয় আৰু ৰাজনীতিৰ ওপৰত ভিডিঅ’ প্ৰস্তুত কৰা ইউটিউবাৰ অৰ্পিত শৰ্মাৰ বিৰুদ্ধে এফআইআৰ ৰুজু কৰে।

এই এফআইআৰত  অৰ্পিতে তেওঁৰ ভিডিঅ ‘উত্তেজনামূলক আৰু ভাৰতৰ সাৰ্বভৌমত্বৰ প্ৰতি ভাবুকি কৰি তোলাৰ অভিযোগ উত্থাপন কৰা হৈছে।

এই গোচৰত বুলণ্ডশ্বাহৰ আৰক্ষীয়ে ঔপনিৱেশিক দেশদ্ৰোহীতাৰ আইনখনৰ দৰে কাম কৰা ১৫২ নং ধাৰা (ভাৰতৰ সাৰ্বভৌমত্ব, ঐক্য আৰু অখণ্ডতাক বিপন্ন কৰা কাৰ্য্য)কে ধৰি ভাৰতীয় ন্যায় সংহিতাৰ (বিএনএছ) বিভিন্ন ধাৰাত অৰ্পিত শৰ্মাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে।

নেপালৰ জেন-জিৰ প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত ভাৰতত হিংসাত্মক পৰিস্থিতিৰ উচটনি দিয়াৰ উদ্দেশ্যেৰে এই ভিডিঅটো নিৰ্মাণ কৰা বুলি অভিযোগ উত্থাপন হৈছে অৰ্পিত শৰ্মাৰ বিৰুদ্ধে। ডিজিটেল মাধ্যমৰ অপব্যৱহাৰ কৰি ভাৰতৰ অখণ্ডতাক ভেঙুচালি কৰাৰ অভিযোগো উত্থাপন হৈছে শৰ্মাৰ বিৰুদ্ধে।

ঘটনাৰ পাছত যোৱা তিনিদিন ধৰি অনলাইন ট্ৰলিং আৰু মৃত্যুৰ ভাবুকিৰ সন্মুখীন হৈছে শৰ্মা।

ইংলেণ্ডত চাৰ্টাৰ্ড একাউণ্টেণ্ট হিচাপে কৰ্মৰত অৰ্পিত শৰ্মাই ৰাষ্ট্ৰীয় সংবাদ মাধ্যম দ্য ৱায়াৰক জনাইছে যে তেওঁৰ কৰ্মস্থলীৰ তথ্য অনলাইনত ফাদিল হৈছে আৰু তেওঁৰ বক্তব্য ভুল প্ৰেক্ষাপটত দাখিল কৰা হৈছে, যাৰ ফলত তেওঁৰ পৰিয়ালৰ সদস্যক মৃত্যুৰ লগতে ধৰ্ষণৰ ভাবুকি দিয়া হৈছে।

ভিডিঅটোত কি আছিল?

নেপালত জেন-জিৰ প্ৰতিবাদ আৰম্ভ হোৱাৰ এদিন পাছতে যোৱা সপ্তাহত এটা ৰিলত শৰ্মাই নেপালৰ যুৱক-যুৱতীক প্ৰশংসা কৰি ভাৰতীয় যুৱক-যুৱতীসকলক ইথানেল-২০ ইন্ধন, দুৰ্নীতি আৰু ঘৃণামূলক ভাষণৰ দৰে বিষয়ত প্ৰতিবাদ নকৰাৰ বাবে প্ৰশ্ন কৰে।

এই সন্দৰ্ভত অৰ্পিত শৰ্মাই দ্য ৱায়াৰক কয়, ‘যেতিয়া মই ভিডিঅটো বনাইছিলো তেতিয়া প্ৰতিবাদ শান্তিপূৰ্ণ আছিল, কিন্তু মই কোনো সময়তে মানুহক উচটনি দিয়া নাছিলো।

শৰ্মাৰ মতে ভাৰতীয় জনতা পাৰ্টি আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ বিৰোধী মতামতৰ বাবেই তেওঁৰ লগত এই সকলোবোৰ ঘটিছে।

তেওঁ কলে, ‘গডছে আৰু সাৱৰকাৰৰ লগত মই কেতিয়াও একমত নহম। মোৰ মতামতৰ বাবে দেউতাক এই মাজলৈ টানি অনা হৈছে। সঁচা কথাটো হল, মই আপ (আম আদমি পাৰ্টি)কো ক্ষমতাত থকাৰ সময়ত সমালোচনা কৰিছো।’

চিয়েল মিডিয়াতো শৰ্মাই নিজৰ ভিডিঅৰ পক্ষ লয়।

তেওঁ এটা পোষ্টত লিখিছে, ‘মই গান্ধীক বিশ্বাস কৰোঁ, মই নেহৰুক বিশ্বাস কৰোঁ, মই এই দেশৰ শান্তিপ্ৰেমী নাগৰিক। মই কেতিয়াও কোনো হিংসাক সমৰ্থন নকৰো। মই ঘৃণাৰ বিৰোধী, মই গডছেৰ বিৰোধী, মই গণহত্যাৰ বিৰোধী।’

আন এটা পোষ্টত তেওঁ কয়, ‘মই একো ভুল কৰা নাই, একো ভুল কোৱা নাই। ঘৃণাই মোক জোকাৰিব নোৱাৰে। মোক বেয়াকৈ বদনাম কৰিছে, কিন্তু মই দৃঢ়তাৰে থিয় দিবলৈ চেষ্টা কৰিম।’

শৰ্মাই আৰু কয়, ‘গান্ধীজীৰ মূল্যবোধক মোৰ শক্তি, ভগত সিঙৰ সাহস আৰু বাবা চাহাবৰ সংবিধানক লৈ মই শান্তি, সত্য আৰু ঐক্যৰ পক্ষত থিয় দিছো।

মন কৰিবলগীয়া যে শেহতীয়াকৈ ছচিয়েল মিডিয়াত কৰা পোষ্ট সন্দৰ্ভত উত্তৰ প্ৰদেশৰ পৰা এনে বহু গোচৰ পোহৰলৈ আহিছে।

অপাৰেচন সিন্দুৰৰ ঠিক পিছতেই দেশৰ সাৰ্বভৌমত্ব, ঐক্য আৰু অখণ্ডতাক বিপদত পেলোৱাকে ধৰি কেইবাটাও ধাৰাত লোকগায়িকা নেহা সিং ৰাথোৰ আৰু ব্যংগকাৰ মাদ্ৰি কাকতি (ড° মেডুছা)ৰ বিৰুদ্ধেও এফআইআৰ ৰুজু কৰা হয়।

তেওঁলোকৰ বিৰুদ্ধে ১৯৬ নং (ধৰ্ম, জাতি, জন্মস্থান, ভাষা আদিৰ ভিত্তিত বিভিন্ন গোটৰ মাজত শত্ৰুতা প্ৰসাৰ কৰা), ১৯৭ (জাতীয় সংহতিৰ প্ৰতি ক্ষতিকাৰক অভিযোগ বা দাবী), ৩৫৩ (ৰাজহুৱা বিশৃংখলতাৰ অনুকূল বক্তব্য), ৩০২ (ধৰ্মীয় আৱেগক ইচ্ছাকৃতভাৱে আঘাত কৰা শব্দ), ১৫২ (ধৰ্মীয় আৱেগক বিপন্ন কৰা কাৰ্য্য)ৰ অধীনত অভিযোগ উত্থাপন কৰা হৈছে ভাৰতৰ সাৰ্বভৌমত্ব, ঐক্য আৰু অখণ্ডতা)ৰ বিএনএছ আইন। দেশদ্ৰোহৰ কোনো প্ৰত্যক্ষ উল্লেখ নাই (যিটো আগতে ভাৰতীয় দণ্ডবিধিৰ ১২৪এ ধাৰাত আছিল), কিন্তু নতুন ফৌজদাৰী আইনৰ ১৫২ ধাৰাত প্ৰায় একে কামেই কৰা হৈছে।)

ইয়াৰ উপৰিও তেওঁলোকৰ ক্ষেত্ৰত তথ্য প্ৰযুক্তি আইনৰ ৬৯এ ধাৰাও প্ৰয়োগ কৰা হৈছে, যত চৰকাৰক ইণ্টাৰনেট কন্টেন্ট ব্লক কৰাৰ অধিকাৰ প্ৰদান কৰা হৈছে।

এই সন্দৰ্ভত অশোকা বিশ্ববিদ্যালয়ৰ অধ্যাপক আলী খান মাহমুদাবাদৰ বিৰুদ্ধেও গোচৰ ৰুজু কৰা হয়। ১৮ মেত হাৰিয়ানা আৰক্ষীয়ে মাহমুদাবাদক দেশদ্ৰোহ আৰু ধৰ্মীয় আৱেগক আঘাত দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল ভাৰতে পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ অপাৰেচন সিন্দুৰৰ ওপৰত কৰা মন্তব্যৰ বাবে। গ্ৰেপ্তাৰ কৰা হয়।

উল্লেখযোগ্য যে যোৱা ৮ মেত অশোকা বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী মাহমুদাবাদে ছচিয়েল মিডিয়াত পোষ্ট কৰি কৰ্ণেল ছফিয়া কুৰেছীক প্ৰশংসা কৰি হিন্দুত্ববাদীসকলৰ বৈপৰীত্য উদঙাই দিছিল। মাহমুদাবাদে কৈছিল যে কৰ্ণেল কুৰেছি আৰু উইং কমাণ্ডাৰ ব্যোমিকা সিঙে কৰা প্ৰেছ ব্রিফিংবোৰ প্ৰতীক হিচাপে গুৰুত্বপূৰ্ণ আছিল যদিও ইয়াক প্ৰকৃত বাস্তৱলৈ অনুবাদ কৰিব লাগিব, নহলে ই কেৱল ভণ্ডামি।

যোৱা বছৰৰ আৰম্ভণিতে মুছলমান বিৰোধী হিংসাত্মক বক্তব্যৰ বাবে পৰিচিত বিতৰ্কিত হিন্দুত্ববাদী নেতা য়েতি নৰসিংহনন্দৰ ভিডিঅ শ্বেয়াৰ কৰাৰ বাবে ফেক্ট চেক ৱেবছাইট অল্ট নিউজৰ সহ-প্ৰতিষ্ঠাপক মহম্মদ জুবেইৰৰ বিৰুদ্ধে ১৫২ ধাৰাত গোচৰ ৰুজু হৈছিল।

কিছুমান ভিডিঅত তেওঁক ঘৃণামূলক ভাষণ দিয়া, মুছলমানৰ বিৰুদ্ধে হিংসাৰ উচটনি দিয়া বা মুছলমান মহিলাক ধৰ্ষণ কৰাৰ ভাবুকি দিয়া দেখা গৈছিল।

Related News