NORTHEAST NOW (Assamese)

ছচিয়েল মিডিয়াত বিজ্ঞাপন দেখি ওজন কমাবলৈ গৈ কৰুণ মৃত্যুক সাবটিলে মহিলাই

July 18, 2025 12:23 pm · নৰ্থ ইষ্ট নাও অসমীয়া

ওজন কমাবৰ বাবে অস্ত্ৰোপচাৰৰ সহায় লৈ কৰুণ মৃত্যুক আকোঁৱালি ল’লে এগৰাকী ৫৫ বছৰীয়া মহিলাই। এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ মীৰাট চহৰত। এখন ব্যক্তিগত চিকিৎসালয়ত দেহৰ ওজন কমোৱাৰ উদ্দেশ্যে বেৰিয়েট্ৰিক অস্ত্ৰোপচাৰ কৰিবলৈ অহা মহিলাগৰাকী চিকিৎসকৰ ভুলৰ বাবেই মৃত্যুক সাবটি লোৱাৰ অভিযোগ কৰিছে পৰিয়ালৰ লোকে। যাক লৈ উত্তপ্ত হৈ পৰিছে চিকিৎসালয় চৌহদ।

ব্যৱসায়ী ব্ৰজমোহন গুপ্তাৰ পত্নী তথা সদৰ বজাৰৰ বাসিন্দা ৰজনী গুপ্তাক যোৱা ১১ জুলাইত মীৰাটস্থিত নুটিমা হাস্পতালত ওজন কমোৱাৰ উদ্দেশ্যে অস্ত্ৰোপচাৰৰ বাবে ভৰ্তি কৰোৱা হৈছিল। পৰিয়ালৰ মতে, ছচিয়েল মিডিয়াৰ বিজ্ঞাপনৰ পৰা বেৰিয়েট্ৰিক অস্ত্ৰোপচাৰৰ বাবে অনুপ্ৰাণিত হৈছিল মহিলাগৰাকী। অস্ত্ৰোপচাৰৰ সময়ত মহিলাগৰাকীৰ ওজন ১২৩ কিলোগ্ৰাম আছিল আৰু এই অস্ত্ৰোপচাৰৰ দায়িত্ব লৈছিল বিশেষজ্ঞ চিকিৎসক ডাঃ ঋষি সিংঘালে।

মৃতকৰ পুত্ৰ শুভম গুপ্তাই কয় যে তেওঁৰ ভগ্নী শিৱানীৰ ওজনো প্ৰায় ১২০ কিলোগ্ৰাম আছিল, তেওঁকো মাতৃৰ সৈতে অস্ত্ৰোপচাৰৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল আৰু চিকিৎসকে ২৪ ঘণ্টাৰ ভিতৰত ৩০ কেজি ওজন কমাব বুলি প্ৰতিশ্ৰুতি দিছিল। শিৱানীৰ অপাৰেচন সফল হয় যদিও অস্ত্ৰোপচাৰৰ পাছতে ৰজনী গুপ্তায়ে মৃত্যু বৰণ কৰে।

Related News