NORTHEAST NOW (Assamese)

ৰেড কাৰ্পেটৰ আঁৰত: কানত হলীউদৰ নায়ক লিওনাৰ্ডোৰ দৃষ্টি কাঢ়িলে ভাৰতৰ উৰ্বশীয়ে

May 26, 2022 7:20 pm · এন ই নাও নিউজ, গুৱাহাটী

বিশ্বৰ চলচ্চিত্ৰ জগত এতিয়া মজি আছে ৭৫ তম কান চলচ্চিত্ৰ মহোৎসৱত। ঐশ্বৰ্য ৰায় বচ্চন, দীপিকা পাডুকন, হিনা খানৰ দৰে বহু ভাৰতীয় অভিনেত্ৰীয়ে ৰেড কাৰ্পেটত খোজ কাঢ়িছে। ঐশ্বৰ্য আৰু দীপিকাইতো তেওঁলোকৰ সৌন্দৰ্যৰে সকলোকে মোহিত কৰিছে।

কিন্তু ৰেড কাৰ্পেটত হলীউদৰ নায়ক লিওনাৰ্ডো ডি কেপ্ৰিঅ’ৰ দৃষ্টি আকৰ্ষণ কৰিছে আন এগৰাকী ভাৰতীয় অভিনেত্ৰীয়ে। তেওঁ হৈছে উৰ্বশী ৰৌতেলা।

এই বছৰ উৰ্বশীয়ে প্ৰথমবাৰৰ বাবে কান চলচ্চিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেটত খোজ কাঢ়িছিল। আৰু কানত আত্মপ্ৰকাশ কৰাৰ পিছতে জনপ্ৰিয় হলিউড অভিনেতা লিওনাৰ্ডোৰ পৰা প্ৰশংসা বুটলিছে উৰ্বশীয়ে। সঁচাকৈয়ে তেওঁৰ বাবে ৰোমাঞ্চকৰ অভিজ্ঞতা।

‘হেটষ্টৰী ফ’ৰ’, ‘পাগলপাণ্টি’ৰ নায়িকাগৰাকীয়ে যেন বিশ্বাসেই কৰিব পৰা নাই। তেওঁৰ বাবে এয়া যেন এক সপোনহে।

বলীউডৰ চলচ্চিত্ৰত বৰ বেছি দেখা নগ’লেও উৰ্বশীৰ অনুৰাগীৰ সংখ্যা কম নহয়। অভিনেত্ৰীগৰাকীয়ে এইবাৰ ‘ফৰেভাৰ ইয়ং’ৰ প্ৰদৰ্শনৰ বাবে কান চলচ্চিত্ৰ মহোৎসৱত যোগদান কৰিছে। আৰম্ভণিতে উৰ্বশীয়ে লিওনাৰ্ডো ডি কেপ্ৰিঅ’ৰ দৰে অভিনেতাৰ পৰা প্ৰশংসা শুনি আনন্দত আত্মহাৰা হৈ পৰিছে।

উৰ্বশী ৰৌতেলাই কয়: “লিওনাৰ্ডো ডি কেপ্ৰিঅ’ৰ মুখত প্ৰশংসা শুনি মই হতবাক হৈ পৰিছিলো। মই ইমান আৱেগিক হৈ পৰিছিলো যে আনন্দত মোৰ চকুপানী ওলাই আহিছিল। একে সময়তে মই লাজত ৰঙা পৰি গৈছিলো। “

প্ৰকৃততে ভাৰতীয় অভিনেত্ৰীগৰাকীক প্ৰশংসা কৰি ডি কেপ্ৰিঅ’ই কি কৈছিল?

উৰ্বশীৰ ভাষাত, “তেওঁ মোৰ প্ৰদৰ্শনক প্ৰশংসা কৰে। তেওঁ ক’লে, মই ভাল কাম কৰি আছো। পিছদিনা ৰাতিপুৱা উঠি মই নিজকে চিকুটি মাৰি চালো। মই সপোন দেখা নাইতো? যোৱা নিশা সঁচাকৈয়ে তেনেকুৱা কিবা ঘটিছিল নেকি? লিওনাৰ্ডোৰ প্ৰশংসাই মোক ভৱিষ্যতে আগবাঢ়ি যাবলৈ অনুপ্ৰাণিত কৰিব।”

শুনিব পোৱা মতে উৰ্বশী ৰৌতেলাই শীঘ্ৰেই হলীউডৰ এক প্ৰকল্পত অভিনয় কৰিব। ছবিখন নেটফ্লিক্সৰ পৰ্দাত দেখা যাব। পশ্চিমৰ মনোৰঞ্জনৰ জগতত আত্মপ্ৰকাশ কৰাৰ আগতেই লিওনাৰ্ডো ডি কেপ্ৰিঅ’ৰ প্ৰশংসা শুনিবলৈ পোৱাটো কম কথানে?

Related News