NORTHEAST NOW (Assamese)
অসম

ক’ৰ’নাত বিধ্বস্ত ভাৰত: মাৰ্কিন নাগৰিকক ভাৰত ত্যাগৰ নিৰ্দেশ বিদেন প্ৰশাসনৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 29, 2021 5:05 pm
us

ক’ৰ’নাই বিধ্বস্ত কৰা ভাৰতৰ পৰা শীঘ্ৰে মাৰ্কিন নাগৰিকক আমেৰিকালৈ উভতি যোৱাৰ নিৰ্দেশ দিছে বিদেন প্ৰশাসনে।

শেহতীয়াকৈ মাৰ্কিন ৰাষ্ট্ৰপতি জো বিদেনৰ কাৰ্যালয়ে জাৰি কৰা নিৰ্দেশনাত এই বুলি কোৱা হৈছে যে ভাৰতত ক’ৰ’না আক্ৰান্ত ৰোগীৰ বাবে পৰ্যাপ্ত চিকিৎসা সেৱাৰ সুবিধা নাই।

সেয়ে এনে পৰিস্থিতিত মাৰ্কিন নাগৰিকসকলে ভাৰতত থকাটো মুঠেও সুবিধাজনক কথা নহয়।

সেয়ে ভাৰতত বাস কৰা মাৰ্কিন নাগৰিকসকলে অতি শীঘ্ৰে ভাৰত ত্যাগ কৰি আমেৰিকালৈ উভতি আহিব লাগে।মাৰ্কিন নাগৰিকৰ ভাৰত ভ্ৰমণ সন্দৰ্ভতো বিদেন প্ৰশাসনে চাৰিস্তৰীয় এখন নিৰ্দেশিকা জাৰি কৰি থৈছে।

ভাৰতলৈ পৰাপক্ষত নাযাবলৈ মাৰ্কিন প্ৰশাসনে মাৰ্কিন নাগৰিকসকলক সতৰ্ক কৰি দিছে।ইতিমধ্যে ভাৰতত ক’ৰ’নাৰ দ্বিতীয় ঢৌ আৰম্ভ হোৱাৰ লগে লগে ফ্ৰান্স,ইটালী, ব্ৰিটেইন,হংকং,ছিংগাপুৰ আদি দেশে ভাৰতলৈ বিমান সেৱা বন্ধ কৰি দিছে।

অৱশ্যে আমেৰিকাৰ সৈতে ভাৰতৰ বিমান সেৱা এতিয়াও বাহাল আছে। উল্লেখ্য যোৱা ২৪ ঘণ্টাত দেশত কৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা হৈছে ৩,৭৯,২৫৭ গৰাকী।

ইয়াৰ ফলত দেশত কৰোনাক্ৰান্ত সংখ্যা ১,৮৩,৭৬,৫২৪ গৰাকীলৈ বৃদ্ধি পাইছে। মন্ত্ৰণালয়ৰ মতে ২৪ ঘণ্টাত দেশত অভিলেখ সংখ্যক লোক কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে।

মন্ত্ৰণালয়ে প্ৰকাশ কৰা অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত কৰোনাক্ৰান্তৰ মৃত্যুৰ সংখ্যাই ৩০০০ অতিক্ৰম কৰিছে। যোৱা ২৪ ঘণ্টাত মৃত্যু হৈছে ৩,৬৪৫ গৰাকী কোভিড আক্ৰান্তৰ। পৰিসংখ্যাৰ মতে যোৱা ১৪ ঘণ্টাত কৰোনাক্ৰান্তৰ মৃত্যুৰ হাৰ হৈছে ১.১২ শতাংশ।

ইফালে কৰোনাৰ পৰা আৰোগ্য লাভ কৰা লোকৰ সংখ্যা হৈছে ১,৫০,৮৬,৮৭৮ গৰাকী।

৩০,৮৪,৮১৪ গৰাকী আক্ৰান্ত বৰ্তমানেও চিকিৎসাধীন হৈ থকাৰ বিপৰীতে কৰোনাত মুঠ মৃত্যু হোৱাৰ লোকৰ সংখ্যা হৈছে ২,০৪,৮৩২ গৰাকী।