NORTHEAST NOW (Assamese)
Popular Stories

চীন-আমেৰিকাৰ সম্পৰ্কত শুধৰণি ! সামৰিক যোগাযোগ চেনেল স্থাপনত সন্মত দুই দেশ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 2, 2025 6:07 pm

বিশ্বৰ দুই বৃহৎ শক্তি আমেৰিকা আৰু চীনে সামৰিক যোগাযোগ শক্তিশালী কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে। আমেৰিকাৰ প্ৰতিৰক্ষা সচিব পিট হেগছেথে ২ নৱেম্বৰ দেওবাৰে ঘোষণা কৰে যে ৱাশ্বিংটন আৰু বেইজিঙে সাম্ভাব্য সংঘাতৰ সময়ত ভুল বুজাবুজি দূৰ কৰিবলৈ প্ৰত্যক্ষ সামৰিক যোগাযোগ চেনেল স্থাপন কৰিবলৈ আগবাঢ়িছে। তেওঁ লগতে কয় যে ইয়াৰ পূৰ্বে দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক “কেতিয়াও ইমান ভাল হোৱা নাই।”

শনিবাৰে সন্ধিয়া আঞ্চলিক নিৰাপত্তা বৈঠকৰ সময়ত হেগছেথে চীনৰ প্ৰতিৰক্ষা সচিব এডমিৰেল ডং জুনৰ সৈতে বাৰ্তালাপ কৰে। তেওঁলোকে এই কথাত একমত হয় যে, “শান্তি, স্থিতিশীলতা আৰু সুসম্পৰ্ক আমাৰ দুখন মহান আৰু শক্তিশালী দেশৰ বাবে সৰ্বোত্তম পথ।”

উল্লেখ্য যে চীনৰ সৈতে বন্ধুত্ব বৃদ্ধিৰ এই মন্তব্যৰ কেইঘণ্টামান পূৰ্বে হেগছেথে দক্ষিণ চীন সাগৰত চীনৰ কাৰ্যকলাপৰ ওপৰত কঠোৰ মন্তব্য কৰিছিল। এছ’চিয়েশ্যন অৱ চাউথইষ্ট এছিয়ান নেচনছৰ (ASEAN) নেতাসকলৰ সৈতে হোৱা বৈঠকত তেওঁ দক্ষিণ-পূব এছিয়াৰ ৰাষ্ট্ৰসমূহক দৃঢ়তাৰে থিয় দিবলৈ আৰু নিজৰ সামুদ্ৰিক বাহিনী শক্তিশালী কৰিবলৈ আহ্বান জনায়। তেওঁ “দক্ষিণ চীন সাগৰত চীনৰ ব্যাপক ভূখণ্ড আৰু সামুদ্ৰিক দাবীসমূহ শান্তিপূৰ্ণভাৱে বিবাদ নিষ্পত্তিৰ প্ৰতিশ্ৰুতি পূৰণ হোৱা নাই। আমি নিশ্চিত কৰিব লাগিব যে চীনে আপোনাক বা আন কাৰো ওপৰত আধিপত্য বিস্তাৰ কৰিব বিচৰা নাই বুলি মত প্ৰকাশ কৰিছিল।

ৰাজনৈতিক বিশ্লেষক ব্ৰীজেট ৱেলছে এই আলোচনাটোক “ক্ষতিৰ নিয়ন্ত্ৰণ” বুলি অভিহিত কৰিছে, কিয়নো হেগছেথে শনিবাৰৰ বৈঠকত বেইজিঙে শেহতীয়াকৈ ২০১২ চনত ফিলিপাইনছৰ পৰা জব্দ কৰা স্কাৰবাৰ’ শ্ব’লক (Scarborough Shoal) প্ৰকৃতি সংৰক্ষিত বনাঞ্চল বুলি ঘোষণা কৰাৰো সমালোচনা কৰে।

ইফালে হেগছেথে আছিয়ানক সাগৰত নিয়ন্ত্ৰণৰ বাবে চীনৰ সৈতে আলোচনা চলি থকা দীৰ্ঘদিনীয়া আচৰণ বিধিৰ (Code of Conduct) সিদ্ধান্ত ক্ষিপ্ৰতাৰে ল’বলৈ আহ্বান জনায়। তেওঁ প্ৰৰোচনা ৰোধ কৰিবলৈ শ্বেয়াৰড মেৰিটাইম চাৰ্ভিলেন্স আৰু ৰেপিড-ৰেচপন্স চিষ্টেম বিকশিত কৰাৰো প্ৰস্তাৱ আগবঢ়ায়।

আনহাতে, চীনে আমেৰিকাৰ সামুদ্ৰিক আচৰণৰ সমালোচনা নাকচ কৰি ৱাশ্বিংটনে আঞ্চলিক বিষয়ত হস্তক্ষেপ কৰা আৰু সামৰিক উপস্থিতিৰ জৰিয়তে উত্তেজনা সৃষ্টি কৰাৰ অভিযোগ উত্থাপন কৰে।

ফিলিপাইনছে আমেৰিকা, অষ্ট্ৰেলিয়া আৰু নিউজীলেণ্ডৰ সৈতে নৌ আৰু বিমান অনুশীলন চলোৱাৰ পিছত চীনৰ বিষয়াসকলে ফিলিপাইনছক অশান্তি সৃষ্টিকাৰী বুলি কটাক্ষ কৰে। চীনৰ পিপলছ লিবাৰেচন আৰ্মী চাউদাৰ্ণ থিয়েটাৰ কমাণ্ডৰ মুখপাত্ৰ টিয়ান জুনলিয়ে কয়, যে  “ই প্ৰমাণ কৰে যে ফিলিপাইনছ দক্ষিণ চীন সাগৰৰ সমস্যাক অধিক যটিল কৰি তুলিছে আৰু আঞ্চলিক স্থিতিশীলতাক ধ্বংস কৰাৰ প্ৰয়াস কৰিছে।”

প্ৰতিৰক্ষা সচিব হেগছেথ তেওঁ সামাজিক মাধ্যমত প্ৰকাশ কৰা অনুসৰি কৰে তেওঁ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতেও কথা পাতিছে আৰু ট্ৰাম্পৰ শেহতীয়া চীনৰ নেতা ঝি জিনপিঙৰ সৈতে হোৱা বৈঠকে শান্তিস্থাপনৰ লগতে আৰু সফলতাৰ পথ নিৰ্ধাৰণ কৰিব বুলি আশা প্ৰকাশ কৰিছে।