NORTHEAST NOW (Assamese)

জ্বলি ছাই হ’ল মাৰ্কিন ফাৰ্ষ্ট লেডী মেলানিয়া ট্ৰাম্পৰ প্ৰতিমূৰ্তি

July 9, 2020 4:58 pm · এন ই নাও নিউজ
Updated: July 9, 2020 4:59 pm

ইটোৰ পিছত সিটো অথন্তৰে যেন বেৰি ধৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ পৰিয়ালক। এইবাৰ ট্ৰাম্পৰ পত্নী তথা মাৰ্কিন ফাৰ্ষ্ট লেডী মেলানিয়া ট্ৰাম্পৰ প্ৰতিমূৰ্তি জ্বলাই দিয়া হ’ল মেলানিয়াৰ গৃহভূমি শ্লোভানিয়াত।

২০১৯ চনৰ জুলাই মাহত শিল্পী ব্রেড ডাউনে শ্লোভানিয়াৰ ছেভানিকা নামৰ ঠাই খনত স্থাপন কৰিছিল এটা কাঠৰ প্ৰতিমূৰ্তি ।

শিল্পী গৰাকীয়ে সেয়া মাৰ্কিন ফাৰ্ষ্ট লেডী মেলানিয়া ট্ৰাম্পৰ প্ৰতিমূৰ্তি বুলি ঘোষণা কৰিছিল।

কাঠৰ প্ৰতিমূৰ্তিটোত পৰিধান কৰোৱাই দিয়া হৈছিল মেলানিয়াই পিন্ধি ভাল পোৱা নীলা স্কাৰ্ট।

ইমান দিনে প্ৰতিমূৰ্তিটোক লৈ স্থানীয় একাংশ লোকে এই বুলি বিষোদগাৰ কৰি আহিছিল যে সেয়া মেলানিয়াৰ প্ৰতিমূৰ্তি যেন হোৱা নাই ।

সেয়ে প্ৰতিমূৰ্তিটো আঁতৰাই পেলাবলৈ বহুতে দাবী জনাই আহিছিল।

৪ জুলাইৰ দিনা আমেৰিকাৰ স্বাধীনতা দিৱস আছিল।

সেই দিনটোতো প্ৰতিমূৰ্তিটো আঁতৰাই পেলোৱাৰ বাবে বহুতে সজোৰে দাবী উত্থাপন কৰিছিল।

কিন্তু এই বিষয়ত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে প্ৰশাসনে ।

অৱশেষত কোনো লোকে নিশাৰ আন্ধাৰৰ সুযোগলৈ প্ৰতিমূৰ্তিটো জ্বলাই দিয়ে। এই ঘটনাৰ সৈতে মাৰ্কিন বৰ্ণবাদ বিৰোধী শক্তি জৰিত থকাৰো সন্দেহ কৰিছে বহুতে।

Related News