NORTHEAST NOW (Assamese)

বৃহৎ আইনী জয় হাৰ্ভাৰ্ডৰ! ট্ৰাম্পৰ বিদেশী ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি বন্ধ কৰাৰ সিদ্ধান্তত স্থগিতাদেশ

May 24, 2025 8:56 am · এন ই নাও নিউজ, গুৱাহাটী

বিশ্ববিখ্যাত শিক্ষানুষ্ঠান হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ে ৰাষ্ট্ৰপতিৰ মাতব্বৰী সিদ্ধান্তৰ আগত নতি স্বীকাৰ নকৰি, আইনী পথ অনুসৰণ কৰি এক বৃহৎ জয়লাভ কৰিছে! শুকুৰবাৰে বষ্টনৰ এখন ফেডাৰেল আদালতে ড’নাল্ড ট্ৰাম্প প্ৰশাসনে হাৰ্ভাৰ্ডত বিদেশী ছাত্ৰ-ছাত্ৰীক নামভৰ্তি কৰাত জাৰি কৰা নিষেধাজ্ঞাৰ ওপৰত স্থগিতাদেশ জাৰি কৰিছে।

বৰ্তমান আমেৰিকাৰ বাহিৰৰ পৰা অহা ছাত্ৰ-ছাত্ৰীয়ে হাৰ্ভাৰ্ডত অধ্যয়ন কৰাত কোনো বাধা নাথাকিব। বষ্টন আদালতৰ এই আদেশৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে স্বাভাৱিকতে অনিশ্চয়তাৰ পৰিৱেশৰ পৰা মুক্ত হৈ মুকলি আকাশৰ তলত স্বস্তিৰ নিশ্বাস লৈছে।

হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত আৰু বিদেশী ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তি কৰিব নোৱাৰাৰ আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীৰ পদক্ষেপক লৈ শুকুৰবাৰে পুৱাৰে পৰা ই আলোচনাৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল।

বিশ্ববিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি ড এলান এম গাৰ্বাৰে তেওঁৰ এই সিদ্ধান্তক অবৈধ আৰু অযুক্তিকৰ পদক্ষেপ বুলি অভিহিত কৰি এক বিবৃতি প্ৰকাশ কৰে। তেওঁৰ ভাষাত, “আমি মাত্ৰ অভিযোগ দাখিল কৰিছো। আৰু তাৰ পিছত অস্থায়ী ৰেষ্ট্ৰেইনিং অৰ্ডাৰৰ বাবে প্ৰস্তাৱ অনা হ’ব। আমি আমাৰ ছাত্ৰ-ছাত্ৰী আৰু গৱেষকসকলক সহায় কৰিবলৈ আমাৰ সামৰ্থ্য অনুসৰি সকলো কৰিম।” ইয়াৰ পিছতে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ট্ৰাম্পৰ এই সিদ্ধান্তৰ বিৰুদ্ধে গোচৰ তৰে।

যেতিয়া বষ্টনৰ ফেডাৰেল আদালতত গোচৰটো শুনানিৰ বাবে আহিছিল, তেতিয়া হাৰ্ভাৰ্ডে নিজৰ আন্তঃৰাষ্ট্ৰীয় বৈচিত্ৰ্যৰ উদ্ধৃতি দি যুক্তি দিছিল, “আন্তঃৰাষ্ট্ৰীয় ছাত্ৰ সংগঠন অবিহনে হাৰ্ভাৰ্ড হাৰ্ভাৰ্ডেই নহয়। ইয়াৰ ছাত্ৰ সমাজৰ এক চতুৰ্থাংশক কলমৰ এটা আঁচেৰে এইদৰে মচি পেলাব নোৱাৰি। চৰকাৰে সেই পদক্ষেপেই লৈছে।”

যুক্তি শুনাৰ পিছত ন্যায়াধীশ এলিছন বাৰ’ছে ট্ৰাম্প প্ৰশাসনৰ সিদ্ধান্ত স্থগিত ৰাখে। মন কৰিবলগীয়া যে এলিছন বাৰ’ছক বষ্টনৰ ফেডাৰেল আদালতৰ বিচাৰপীঠত নিযুক্তি দিছিল আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডেম’ক্ৰেট দলৰ বাৰাক ওবামাই। ফলত সংশ্লিষ্ট মহলৰ এক বৃহৎ অংশৰ মতে ৰিপাব্লিকান ট্ৰাম্পৰ সিদ্ধান্তৰ বিৰোধিতা তেওঁৰ বাবে স্বাভাৱিক।

Related News