NORTHEAST NOW (Assamese)

কৰ’নাৰ পৰা সুস্থ হৈ উঠিল এগৰাকী ব্যক্তি; হাস্পাতলত খৰচ পৰিল ৮.৩৫কোটি টকা

June 15, 2020 9:49 am · এন ই নাও নিউজ
আমেৰিকাৰ হাস্পাতলৰ প্ৰতিনিধিত্বমূলক ফটো।

কৰ’না ভাইৰাছত আক্ৰান্ত হোৱা এগৰাকী ব্যক্তিয়ে চিকিৎসাৰ বাবে খৰচ কৰিবলগীয়া হ’ল ৮.৩৫কোটি টকা।

আমেৰিকাৰ চিয়েটলৰ বাসিন্দা মাইকেল ফ্ল’ৰ আক্ৰান্ত হোৱাৰ পাছত ৬২দিন ধৰি হাস্পাতালত ভৰ্তি হৈ থাকিবলগীয়া হৈছিল।

ৱাশ্বিংটনৰ ইচ্ছাক্কাহৰ ছুইডিছ মেডিকেল চেন্টাৰত ৭০বৰ্ষীয় মাইকেল ফ্ল’ৰ চিকিৎসাধীন হৈ আছিল।

দীঘলীয়া সময় ধৰি অসুস্থ হৈ থকাৰ পাছত পুনৰ সম্পূৰ্ণ সুস্থ হৈ উঠা দেখা গ’ল মাইকেলক।

যোৱা ৪ মাৰ্চত কৰ’না পজিটিভ পোৱাৰ পাছত তেওঁক হাস্পাতলত ভৰ্তি কৰোৱা হৈছিল আৰু ৬মে’ত তেওঁৰ হাস্পাতলৰ পৰা যাবলৈ দিয়া হয়।

হাস্পাতলৰ পৰা ওলেৱাৰ সময়ত তেওঁৰ শৰীৰত কোনো সমস্যা থকাৰ কথা অনুভৱ নহ’ল ঠিকেই কিন্তু সেই সময়ত তেওঁৰ সন্মুখত আন এক সংকটহে দেখা দিলে।

হাস্পাতলৰ পৰা মাইকেলক ১৮১ পৃষ্ঠাৰ এখন বিল প্ৰেৰণ কৰিলে। হাস্পাতালখনে তেওঁক ৮.৩৫কোটি টকা আদায় দিবলৈ কয়।

বাতৰি অনুসৰি, যোৱা শনিবাৰে হাস্পাতলৰ বিলখন দেখি মাইকেলৰ চকু কপালত উঠিল। বিলখনৰ এক চতুৰ্থাংশ খৰচ কেৱল ঔষধতে ধৰা হৈছে।

মাইকেল ৪২দিন আইচিয়ুত থকাৰ বাবদ ৩.১কোটি টকা চাৰ্জ ধৰা হৈছে। ২৯দিন ভেন্টিলেটৰত ৰখাৰ বাবে অতিৰিক্ত ৬২লাখ টকা চাৰ্জ কৰা হৈছে।

বাতৰি অনুসৰি, চিকিৎসাৰ সময়ত দুদিনত মাইকেলৰ হাৰ্ট, কিডনী আৰু হাওঁফাঁওৱে কাম কৰাটো হ্ৰাস পাই গৈছিল। সেই দুদিনত চিকিৎসকে তেওঁক জীয়াই ৰখাৰ বাবে প্ৰায় ৭৬লাখ টকা চাৰ্জ ধৰিছে।

অৱশ্যে, মাইকেল ফ্ল’ৰৰ বীমা কৰা আছে আৰু সেইকাৰণে আমেৰিকাৰ বিত্তীয় নিয়ম অনুসৰি তেওঁৰ সকলো খৰচ চৰকাৰৰ ফালৰ পৰা আদায় দিয়া হ’ব।

Related News