ভাৰত-চীন সীমা বিবাদ সম্পৰ্কত চীনক দোষাৰোপ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ
ভাৰত আৰু চীনৰ মাজত চলি থকা শেহতীয়া সীমা বিবাদ সন্দৰ্ভত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে চীনক জগৰীয়া কৰিছে।
আমেৰিকা যুক্তৰাষ্ট্ৰৰ উচ্চ পৰ্যায়ৰ বিষয়া সকলে বেইজিঙকলৈ আগ্ৰাসী হৈ পৰাৰ সময়ত ৰাষ্ট্ৰপতি ট্ৰাম্পে চুবুৰীয়া দেশৰ সৈতে অব্যাহচত থকা বিবাদক সন্দৰ্ভত চীনক কঠোৰ সমালোচনা কৰে।
চীনৰ আগ্ৰাসী নীতি আৰু ভৌগলিক অধিকাৰ নীতিয়ে সকলো দেশলৈ ভাবুকি কঢ়িয়াই আনিছে বুলিও ট্ৰাম্পে লগতে কয়।
উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে লাডাখৰ গলৱান উপত্যকাত চীনা সৈন্যই পৰিকল্পিতভাৱে আক্ৰমণ কৰি ভাৰতৰ ২০ গৰাকী সেনা জোৱানক হত্যা কৰিছিল।
চীনৰ এনে বৰ্বৰ কাৰ্য্যৰ পাছতে ভাৰতে চীনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে।
প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে সৰ্বদলীয় বৈঠকত অংশগ্ৰহণ কৰি কোনো কাৰণতে ভাৰতৰ ভূমি কোনো দেশক এৰি দিয়া নহ’ব আৰু ভাৰতীয় সেনা বাহিনীক ব্যৱস্থা গ্ৰহণৰ বাবে খোলা হাত দি থৈ দিয়া হৈছে বুলি মন্তব্য কৰে।
উল্লেখযোগ্য যে, ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ আৰম্ভ হোৱাৰ পাছৰে পৰা আমেৰিকা যুক্তৰাষ্ট্ৰই চীনৰ প্ৰতি সমালোচনা অব্যাহত ৰাখিছে।