NORTHEAST NOW (Assamese)

প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ বিয়োগৰ বাতৰি দুখদায়ক : ড’নাল্ড ট্ৰাম্প

September 2, 2020 11:22 am · এন ই নাও নিউজ

ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ভাৰত ৰত্ন প্ৰণৱ মুখাৰ্জীৰ বিয়োগত শোক প্ৰকাশ কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে।

”ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ বিয়োগত মৰ্মাহত হৈছো। মই তেওঁৰ শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ আৰু ভাৰতবাসীলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো,” ড’নাল্ড ট্ৰাম্পে এইদৰে লিখে।

উল্লেখযোগ্য যে, বিগত ৩১ আগষ্টত দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি, ভাৰত ৰত্ন প্ৰণৱ মুখাৰ্ডীৰ দেহাৱসান ঘটিছিল।

মগজুৰ জটিল অস্ত্ৰোপচাৰ সম্পন্ন হোৱা প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে দিল্লীৰ আৰ আৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰিছিল।

চিকিৎসাধীন হৈ থকা অৱস্থাতে মুখাৰ্জীৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতিয়ো ধৰা পৰিছিল।

১৯৩৫ চনৰ ১১ ডিচেম্বৰত জন্মগ্ৰহণ কৰা প্ৰণৱ মুখাৰ্জী ২০১২ চনৰ পৰা ২০১৭ চনলৈকে ৰাষ্ট্ৰপতিৰ পদত অধিষ্ঠিত হৈ আছিল। তেওঁক ভাৰতৰত্ন প্ৰদান কৰা হৈছিল ২০১৯ চনত।

দেশৰ ৰাজনীতিত এগৰাকী অভিজ্ঞ ৰাজনীতিবিদ হিচাপে পৰিচিত প্ৰণৱ মুখাৰ্জীয়ে পূৰ্বৰ মনমোহন সিং নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগৰ মন্ত্ৰীৰ দায়িত্ব পালন কৰিছিল।

 

Related News