NORTHEAST NOW (Assamese)
দেশ

ৰামঠগন! সোণ বুলি কৈ বিদেশী মহিলাক ৩০০ টকাৰ সস্তীয়া গহণা ৬ কোটিত বিক্ৰী কৰিলে ৰাজস্থানৰ প্ৰৱঞ্চকে

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী June 11, 2024 4:46 pm

ভাৰতলৈ ফুৰিবলৈ আহি ৰাজস্থানৰ জয়পুৰত প্ৰৱঞ্চকৰ প্ৰৱঞ্চনাৰ বলি হ’ল এগৰাকী মাৰ্কিম মহিলা।

জয়পুৰত ৩০০ টকাৰ গহণা ৬ কোটি টকাৰ মূল্য ভৰি কিনিলে মহিলাগৰাকীয়ে।

আৰক্ষীয়ে জনোৱা মতে, এগৰাকী আমেৰিকান মহিলাক প্ৰতাৰণা কৰি ৰাজস্থানৰ গৌৰৱ ছোনী নামৰ এগৰাকী দোকানীয়ে ৩০০ টকীয়া মূল্যৰ কৃত্ৰিম গহণা ৬ কোটি টকাত বিক্ৰী কৰে।

জানিব পৰা মতে, মহিলাগৰাকীৰ নাম নাগৰিক চেৰিছে। তেওঁ ৰাজস্থানৰ জয়পুৰৰ জোহৰি বজাৰৰ এখন দোকানৰ পৰা সোণপানী খটোৱা এডাল ৰূপৰ গহণা ক্ৰয় কৰে।

চলিত বৰ্ষত আমেৰিকাৰ এখন প্ৰদৰ্শনীত প্ৰদৰ্শিত কৰা হৈছিল উক্ত গহণাটি। তেতিয়াই ভুৱা বুলি ধৰা পৰে। ইয়াৰ পিছতেই মহিলাগৰাকীয়ে ভাৰতলৈ আহি দোকানীজনৰ মুখামুখি হয়।

দোকানী গৌৰৱ ছোনীয়ে তেওঁৰ অভিযোগ খাৰিজ কৰাৰ পিছতে জয়পুৰত আৰক্ষীক এজাহাৰ দাখিল কৰে মাৰ্কিন মহিলাগৰাকীয়ে। লগতে আমেৰিকাৰ দূতাবাসৰ পৰাও সহায় বিচাৰে তেওঁ।

মহিলাগৰাকীয়ে আৰক্ষীক জনোৱা মতে ২০২২ চনত ইনষ্টাগ্ৰামৰ জৰিয়তে গৌৰৱ সোণীৰ সংস্পৰ্শলৈ আহিছিল তেওঁ। তাৰপিছত তেওঁ আচল বুলি ৬ কোটি টকাত এডাল ভূৱা হাৰ ক্ৰয় কৰে।

আৰক্ষীয়ে জনোৱা মতে, গৌৰৱ আৰু তেওঁৰ পিতৃ ৰাজেন্দ্ৰ ছোনীৰ বৰ্তমান পলাতক। সন্ধান উলিয়াবলৈ বিশেষ দল গঠন কৰিছে আৰক্ষীয়ে।