NORTHEAST NOW (Assamese)
দেশ

ট্ৰাম্পক উদ্দেশ্যি প্ৰধানমন্ত্ৰী মোদী: সন্ত্ৰাসবাদী কাৰ্যকলাপক যুদ্ধৰ দৰে লোৱা হ’ব!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 18, 2025 1:54 pm

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে ১৮ জুন, বুধবাৰে ৩৫ মিনিট সময় ফোনযোগে বাৰ্তালাপ কৰে। এই বাৰ্তালাপ সন্দৰ্ভত বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে ট্ৰাম্পক কয় যে ভাৰতে যিকোনো সন্ত্ৰাসবাদী কাৰ্যকলাপক যুদ্ধৰ কাৰ্য্য হিচাপে ল’ব। পাকিস্তানৰ সৈতে জড়িত বিষয়ত ভাৰতে কোনো ধৰণৰ মধ্যস্থতা গ্ৰহণ নকৰে বুলিও তেওঁ স্পষ্ট কৰি দিয়ে।

পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত তেওঁলোকৰ এইয়া আছিল প্ৰথম কথা-বতৰা। ট্ৰাম্পৰ অনুৰোধত এই টেলইফোনিক বাৰ্তালাপ হয়। কিয়নো ট্ৰাম্পে আমেৰিকালৈ আগতীয়াকৈ ঘূৰি অহাৰ বাবে জি-৭ শীৰ্ষ সন্মিলনত সময়ত পূৰ্ব পৰিকল্পিত বৈঠক বাতিল কৰা হৈছিল।

উল্লেখ্য যে প্ৰধান মন্ত্ৰীয়ে পাকিস্তানস্থিত সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ সৈতে জড়িত দ্য ৰেজিষ্টেন্স ফ্ৰণ্ট নামৰ এটা দলে এই আক্ৰমণ সংঘটিত কৰে। ৬-৭ মে’ত ভাৰতে পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰৰ সন্ত্ৰাসবাদীৰ আত্মগোপনৰ স্থানসমূহক লক্ষ্য কৰি লৈ সেইবোৰৰ ওপৰত নিখুঁত আক্ৰমণ চলায় বুলি উল্লেখ কৰে।

মিশ্ৰীয়ে কয় যে ভাৰতে পাকিস্তানক সকীয়াই দিছে যে যিকোনো আক্ৰমণক তীব্ৰ সঁহাৰিৰ সন্মুখীন হ’ব। পাকিস্তানে ভাৰতীয় সামৰিক, অসামৰিক আৰু ধৰ্মীয় স্থানত আক্ৰমণ কৰাৰ পিছত ভাৰতে ৯-১০ মে’ত প্ৰতিশোধ লয় আৰু পাকিস্তানৰ কেইবাটাও বিমান ঘাটিৰ ক্ষতিসাধন কৰে।

৯ মে’ত আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি ভেন্সে প্ৰধানমন্ত্ৰী মোদীক সকীয়াই দিছিল যে পাকিস্তানে বৃহৎ আক্ৰমণ চলাব পাৰে। মোদীয়ে উত্তৰ দিলে যে ভাৰতে তেনেকুৱা হ’লে আৰু অধিক শক্তিৰে উত্তৰ দিব। ভাৰতৰ তীব্ৰ প্ৰতিশোধৰ পিছত পাকিস্তানে যুদ্ধবিৰতিৰ অনুৰোধ জনায়, যিটো ভাৰতে কোনো তৃতীয় পক্ষৰ মধ্যস্থতাতকৈ প্ৰত্যক্ষ সামৰিক আলোচনাৰ জৰিয়তে সন্মতি দিয়ে।

প্ৰধানমন্ত্ৰী মোদীয়ে জোৰ দি কয় যে ভাৰতে কেতিয়াও পাকিস্তানৰ বিষয়ত মধ্যস্থতা গ্ৰহণ কৰা নাই আৰু কেতিয়াও গ্ৰহণ নকৰে, যিটো মতক ভাৰতৰ সকলো ৰাজনৈতিক দলে সমৰ্থন কৰিছিল।

ইৰাণ-ইজৰাইল সংঘাত আৰু ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ দৰে বিশ্বজনীন বিষয়ৰ ওপৰতো আলোচনা কৰি  শান্তিৰ বাবে মস্কো আৰু কিয়ভৰ মাজত প্ৰত্যক্ষ আলোচনাৰ প্ৰয়োজন বুলি একমত প্ৰকাশ কৰে। ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চল আৰু কোৱাড মিত্ৰতাৰ ওপৰতো আলোকপাত কৰে। পৰৱৰ্তী কোৱাড সন্মিলনৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে ট্ৰাম্পক ভাৰতলৈ আমন্ত্ৰণ জনাই। দুয়োজনে শীঘ্ৰে বৈঠকত মিলিত হ’ব বুলি উল্লেখ কৰে।